/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/1546773026_zubeen-garg-takes-dig-assam-tourism-brand-ambassador-priyanka-chopra.jpg)
ডিজিটেল ডেস্কঃ অসমৰ পৰ্যটনৰ বেণ্ড এম্বেচাডৰ প্ৰিয়ংকা চোপ্ৰা। অসমৰ বেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি পোৱাৰ পাছত অসমৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন হৈছে প্ৰিয়ংকাৰ বিৰুদ্ধে। শেহতীয়াকৈ প্ৰিয়ংকাৰ অসমৰ পৰ্যটনৰ প্ৰতি এনে গুৰুত্বহীন মনোভাৱৰ বাবে বহু সমালোচনাৰো সন্মুখীন হৈছে প্ৰিয়ংকা।
এইবাৰ প্ৰিয়ংকাৰ বিৰুদ্ধে সৰৱ হ'ল কন্ঠশিল্পী জুবিন গাৰ্গ। অসমৰ পৰ্যটনৰ উদ্যোগৰ প্ৰতি প্ৰিয়ংকাই দেখুওৱা অনীহা দেখি জুবিনে কয়- 'অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ চিনেমাতেই ব্যস্ত, অসমৰ পৰ্যটনৰ বাবে কি কৰি আছে মই নাজানো। গুজৰাট পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ অমিতাভ বচ্চন, তেওঁ কিন্তু মই জনাত কাম কৰিছে, নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলে অন্যতন ভূমিকা লৈছে, পৰ্যটন বিকাশৰ বাবে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা। আৰু প্ৰতিবাৰেই এই ক্ষেত্ৰত মাত মাতি আহিছো বুলি কয় জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us