ডিজিটেল সংবাদ, বোকাজানঃ যোৱা ১৪ জুলাইত বোকাজান আৰক্ষী থানাৰ পৰা পলাতক এজন আচামীক দেওবাৰে বোকাজান আৰক্ষীয়ে নগাওঁ আৰক্ষীৰ সহযোগত পুনৰ কচুৱা থানাৰ অন্তৰ্গত জুৰদৈ অঞ্চলৰ পৰা আটক কৰে৷ ঘটনাৰ বিৱৰণী মতে, জামিন বিহীন গোচৰত অভিযুক্ত জয়ন্ত দাস নামৰ আচামী জনক ১৪ জুলাইত বোকাজান আৰক্ষীয়ে আটক কৰি বোকাজান থানাৰ লক আপত ৰাখিছিল যদিও সেইদিনা ৰাতিয়েই পহৰাদাৰীৰ চকুত ধুলি দি কৌশলেৰে থানাৰ পৰা পলায়ন কৰিছিল।
পৰৱৰ্তী সময়ত এই ঘটনাৰ বাবে আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই এজন উপ-পৰিদৰ্শক, এজন সহকাৰী উপ পৰিদৰ্শক আৰু দুজন কনিষ্টবলক বৰ্খাস্ত কৰি আচামীজনৰ অনুসন্ধান অব্যাহত ৰাখিছিল৷ আৰক্ষীয়ে আচামী জয়ন্ত দাসক পুনৰ আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷