দ্ৰোপাং নদীৰ খহনীয়া ৰোধত নামিল স্থানীয় ৰাইজঃ অনিৰুদ্ধ সেতুলৈ ভাবুকি…

দ্ৰোপাং নদীৰ খহনীয়া ৰোধত নামিল স্থানীয় ৰাইজঃ অনিৰুদ্ধ সেতুলৈ ভাবুকি…

author-image
asomiyapratidin
New Update
দ্ৰোপাং নদীৰ খহনীয়া ৰোধত নামিল স্থানীয় ৰাইজঃ অনিৰুদ্ধ সেতুলৈ ভাবুকি…

ডিজিটেল সংবাদ শিমলুগুৰিঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী দ্ৰোপাঙত দ্ৰোপাং নদীৰ গৰাখহনীয়া ৰোধত নামিল স্থানীয় ৰাইজ ৷ পাহাৰীয়া খৰস্ৰোতা নৈখনৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি বৃহত্তৰ দ্ৰোপাং অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে ৷

ইতিপূৰ্বে ৰক্ষাকবচ চেকবান্ধ খহাই লৈ যোৱাত ৰাইজ শংকিত হৈ পৰিছে ৷ দ্ৰোপাঙত নিতৌ অব্যাহত থকা শিল বালিৰ অবাধ খনন কাৰ্যৰ বাবে খৰস্ৰোতা নৈখনে গতিপথ সলনি কৰি কাষৰ গৰাত লাগিছে ৷ যাৰবাবে ব্যাপক খহনীয়া সৃষ্টি হৈছে ৷

চৰকাৰ তথা জিলা প্ৰশাসনক আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাত মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাইজ নামিছে খহনীয়া ৰোধত ৷ জেং জাৱৰ দি নৈৰ গতিপথ সলনি কৰাত লাগিছে দ্ৰোপাঙৰ পুৰুষ মহিলা ৷ খহনীয়াই ভাবুকি আনিছে দ্ৰোপাঙৰ ওপৰত থকা অনিৰুদ্ধ সেতুখনলৈও ৷