পৰিকল্পিতভাৱে 'কনকা-দ্য ভিলেজ ৰিজৰ্ট'ক বদনামী কৰাৰ অভিযোগ কৰ্তৃপক্ষৰ

পৰিকল্পিতভাৱে 'কনকা-দ্য ভিলেজ ৰিজৰ্ট'ক বদনামী কৰাৰ অভিযোগ কৰ্তৃপক্ষৰ

ডিজিটেল সংবাদ, ওৰাংঃ মাজবাটৰ নিকটৱৰ্তী KANOKA - THE VILLAGE RESORTৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ। পৰিকল্পিতভাৱে ভিত্তিহীন অভিযোগেৰে প্ৰতিষ্ঠানটোক বদনামী কৰাৰ অভিযোগ অপু অসম নামৰ লোকজনৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, যোৱা ১১ মাৰ্চৰ দিনা শোণিতপুৰৰ ঢেকীয়াজুলিৰ অপু অসম নামৰ ব্যক্তিজনে স-পৰিয়ালে মাজবাটৰ নিকটৱৰ্তী Kanoka Village Resortত অৱসৰ বিনোদনৰ বাবে গৈছিল। পৰিয়ালটোৱে ৰিজৰ্ট কৰ্তৃপক্ষক দিবলগীয়া ১০৫০ টকা বিল অনলাইন যোগে পৰিশোধ কৰে যদিও কৰ্তৃপক্ষৰ একাউণ্টলৈ অহা নাছিল। এই কথা ৰিজৰ্টখনৰ মেনেজাৰে কোৱাৰ লগে-লগে অপু অসম নামৰ গ্ৰাহকজনে এক হুলস্থলীয়া পৰিবেশ সৃষ্টি কৰাৰ অভিযোগ ৰিজৰ্ট কৰ্তৃপক্ষৰ।

পিছলৈ সেই ধন একাউণ্টলৈ আহিলে গ্ৰাহকজনক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে লোকজনক‌ বিল নগদ পৰিশোধ কৰিবলৈ কয়। গ্ৰাহকজনে টকাখিনি পৰিশোধ কৰি গৈ সামাজিক মাধ্যম যোগে অপু অসম নামৰ একাউণ্টেৰে মিছা ও ভিত্তিহীন অভিযোগেৰে ৰিজৰ্টখনক বদনামী কৰাৰ লগতে ফোনযোগে অশ্লীল গালি-গালাজেৰে ভাবুকি প্ৰদান কৰাৰ অভিযোগ ৰিজৰ্ট কৰ্তৃপক্ষৰ।

লোকজনৰ অনলাইন পেমেন্ট যে সম্পূৰ্ণ হোৱা নাছিল সেই তথ্য বেংকে নিশ্চিত দিয়াৰ পিছত সংবাদমেল যোগে স্পষ্ট কৰি দিয়ে ৰিজৰ্ট কৰ্তৃপক্ষই। লোকজনে মিছাৰ আশ্ৰয় লৈ ষড়যন্ত্ৰমূলক ভাবে সামাজিক মাধ্যমত ৰিজৰ্ট খনক বদনামী কৰাৰ অভিযোগ উত্থাপন কৰে স্বত্বাধিকাৰীয়ে। এই সন্দৰ্ভত আৰক্ষীৰ কাষ চপাৰ লগতে ক্ষতি পূৰণৰ বাবে আদালতত গোচৰ ৰুজু কৰিব বুলি সংবাদমেল যোগে স্পষ্ট কৰি দিয়ে ৰিজৰ্ট কৰ্তৃপক্ষই।

পৰিকল্পিতভাৱে 'কনকা-দ্য ভিলেজ ৰিজৰ্ট'ক বদনামী কৰাৰ অভিযোগ কৰ্তৃপক্ষৰ
খহি পৰিল নিৰ্মাণৰত দলংঃ সোমাই পৰিল ৩০ জন শ্ৰমিক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in