ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌল উৎসৱৰ প্ৰস্তুতি…

ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌল উৎসৱৰ প্ৰস্তুতি…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌল উৎসৱৰ প্ৰস্তুতি…

ডিজিটেল সংবাদ ঢকুৱাখনা:  উত্তৰ অসমৰ প্ৰধান বৈষ্ণৱী পীঠ ঢকুৱাখনা মহকুমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা  উদযাপিত হৈ অহা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ ভাগি এইবাৰো  ধৰ্মীয় ৰীতি নীতিৰে  উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।  শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ উন্নয়ন সমিতি  আৰু উৎসৱ উপ-সমিতিৰ  উদ্যোগত আৰু ভক্ত বৈষ্ণবৰ সহযোগত অহা ১৭ ,১৮ আৰু ১৯ মাৰ্চত তিনিদিনিয়া কাৰ্যসূচীৰে  এইবাৰ ফল্গুৎসৱ ভাগি অনুষ্ঠিত কৰা হ'ব ।

Advertisment

উৎসৱ উপ-সমিতিৰ সভাপতি থানেশ্বৰ চুতীয়া আৰু সম্পাদক অভিজিৎ দেৱ গোস্বামীয়ে সংবাদমাধ্যমক জনোৱা মতে ১৭ মাৰ্চৰ পুৱা প্ৰাতঃ প্ৰসংগ , আই সকলৰ নাম , ভাগৱত পাঠ আৰু সন্ধিয়া সত্ৰৰ অস্থায়ী বেদীত  বাসুদেৱ মহা প্ৰভু স্থাপন আৰু আদিবাস পৰ্ব অনুষ্ঠিত হ'ব ।  ১৮ মাৰ্চৰ পুৱা প্ৰাতঃ প্ৰসংগ ,আই সকলৰ নামৰ পাছতে দুপৰীয়া লখিমপুৰ চমুৱা গাঁওৰ সেৱকী  বন্তি হাজৰিকাৰ পৰিয়ালবৰ্গই উৎসৰ্গা কৰা " মহা ভাগৱত ৰজা পৰীক্ষিতৰ মুক্তি লাভ" ভাওনা প্রদর্শন কৰা হ'ব ।

ইয়াৰ পাছতে নাম প্ৰসংগ, ভাগৱত পাঠৰ পৰৱৰ্তী সময়ত মহা প্ৰভুৰ ওচৰত ফল্গুৎসবৰ গীত মাতৰ লগতে ফাকুৱা গীত পৰিবেশিত হ'ব ।  নিশালৈ ঢকুৱাখনাৰ উজনি জালভাৰী গাঁৱৰ সেৱকী টংক দত্ত আৰু ইলা দত্তৰ পৰিয়ালবৰ্গই উৎসৰ্গা কৰা "মস্য অৱতাৰ" ভাওনা প্ৰদৰ্শিত কৰা হ'ব । অন্তিম দিনা  বিভিন্ন  ধৰ্মীয় কাৰ্যসূচীৰ পাছতে "ঘুনুচা যাত্ৰা" কৰা হ'ব ঢকুৱাখনাৰ বিভিন্ন গ্ৰামাঞ্চলত ।  উৎসৱ উপ-সমিতিয়ে দৌল যাত্ৰাৰ এই তিনিদিনীয়া কাৰ্যসূচীত ভকত বৈষ্ণৱ ,বাপ আই সমষ্টৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।