ডিজিটেল সংবাদ, টিহুঃ টিহুৰ মফচলীয় সাংবাদিকতাক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে শিক্ষকতাৰে অনেক মানৱ সম্পদ গঢ়ি আজি ইহঃসংসাৰৰ পৰা চিৰবিদায় লয় প্ৰবীণ সাংবাদিক তথা শিক্ষাব্ৰতী প্ৰাণকৃষ্ণ দাসে । দীৰ্ঘদিন অসুস্থ হৈ থকা প্ৰাণকৃষ্ণ দাসক টিহু নগৰৰ বাসভৱনৰ পৰা সোমবাৰে পুৱা জৰুৰীভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বিয়লি ২.২০ বজাত তেওঁৰ চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ।
এক বৰ্ণাঢ্য ব্যাক্তিত্বৰ অধিকাৰী দাসৰ মৃত্যুত বৃহত্তৰ টিহু অঞ্চলৰ লগতে নলবাৰী জিলাতে গভীৰ শোকৰ ছাঁ পৰিছে । ১৯৩৫ চনৰ ২৯ ডিচেম্বৰত টিহু নগৰত জন্মগ্ৰহণ কৰা প্ৰাণকৃষ্ণ দাসৰ মৃত্যুৰ সময়ত বয়স হৈছে প্ৰায় ৮৬ বছৰ । উল্লেখ্য যে, চিকিৎসক পিতৃ ডাঃ চণ্ডীচৰণ দাস আৰু মাইচানা দাসৰ পুত্ৰ হিচাপে এক আঢ্যৱন্ত পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰাণকৃষ্ণ দাসে টিহু আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলে।
পৰৱৰ্তী সময়ত ক্ৰমে কটন কলেজিয়েট হাইস্কুলৰ পৰা মেট্ৰিক, নলবাৰী কলেজৰ পৰা ইন্টাৰমিডিয়েট আৰু বি বৰুৱা কলেজৰ পৰা বি এ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা সুখ্যাতিৰে সম্পূৰ্ণ কৰে । আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰি ১৯৬০ চনত বাসুগাওঁ হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত নমাটি মৌজা হাইস্কুলত শিক্ষকতা কৰাৰ উপৰিও নামনি অসমৰ আয়ুক্ত কাৰ্যালয়ত নিম্নবৰ্গৰ সহায়ক হিচাপেও কৰ্মৰত আছিল দাস ।
পৰৱৰ্তী সময়ত তেওঁ ১৯৬৯ চনৰ পৰা নিজ গৃহ চহৰ টিহুৰ আগশাৰীৰ নাৰী শিক্ষাৰ শিক্ষানুষ্ঠান টিহু ছোৱালী হাইস্কুলত ১৯৬৯ চনত শিক্ষকতা আৰম্ভ কৰি ১৯৯৮ চনৰ ২৮ ফেব্ৰুৱাৰীত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত তেওঁ টিহু জাতীয় বিদ্যালয়তো প্ৰধান শিক্ষক হিচাপে দীৰ্ঘ সময় কাৰ্যনিৰ্বাহ কৰিছিল । এগৰাকী কৃতী শিক্ষক হোৱাৰ উপৰিও টিহু অঞ্চলৰ সমাজজীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল ।
১৯৫৮-৫৯ চনলৈ টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, অসম গণ সন্মিলনৰ উপ সভাপতি আদি পদ অলংকৃত কৰিছিল । ইয়াৰ উপৰিও তেওঁ নলবাৰী জিলা হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক হিচাপে ১৯৬৯ চনৰ পৰা ৮ বছৰ আৰু সভাপতি হিচাপে ১২ বছৰ কাৰ্যনিবাহ কৰিছিল । টিহু মহকুমা প্ৰস্তুতি সমিতিৰ সভাপতি হিচাপে ১১ বছৰ তথা টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদ, টিহু বাৰোৱাৰী ৰাস মহোৎসৱ , টিহু কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি আদিৰ নেতৃত্ব বহন কৰাৰ লগতে টিহু আঞ্চলিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতিৰ উপৰি টিহু মহকুমা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক উপদেষ্টা আছিল।
ইয়াৰ উপৰিও ১৯৭০ চনত তেওঁ সাপ্তাহিক জনমভূমিত সক্ৰিয় সাংবাদিকতা আৰম্ভ কৰি ২০১৮ চনত দ্য আছাম ট্ৰিবিউনত সাংবাদিকতা জীৱনৰ সামৰণি মাৰে । প্ৰায় ৫০ বছৰ সাংবাদিকতাৰ লগত জৰিত প্ৰাণকৃষ্ণ দাসে মাজতে দৈনিক জনমভূমি, দ্য আছাম এক্সপ্ৰেছ, দ্য নিউজ ষ্টাৰ, অগ্ৰদূত, দ্য নৰ্থ ইষ্ট টাইম, পূৰ্বাঞ্চলৰ প্ৰহৰী আদিত টিহুস্হ সাংবাদিক হিচাপে সংবাদ সেৱা আগবঢ়াইছিল ।
উল্লেখ্য যে, শিক্ষকতাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান ৰ সমানে সাংবাদিকতাৰ ক্ষেত্ৰখনত সেৱা আগবঢ়োৱাৰ বাবে তেওঁক অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতি, সদৌ অসম ছাত্ৰ সন্থা ,সদৌ অসম সাংবাদিক সন্থাকে ধৰি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা তথা স্বীকৃতি প্ৰদান কৰিছে । উল্লেখ্য যে, আজি নিশা তেওঁৰ নশ্বৰ দেহ টিহু নগৰৰ দুই নং ৱাৰ্ডৰ বাসভৱনলৈ লৈ অহাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে । কাইলৈ দিনৰ ভাগত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব । মৃত্যুৰ সময়ত তেওঁ পত্নী চিত্ৰলেখা দাস, একমাত্ৰ বোৱাৰী ববিতা দাসৰ লগতে দুগৰাকীকে জী-জোৱাই, নাতি-নাতিনী আৰু কেবাগৰাকী আত্মীয় স্বজনৰ উপৰি ভালেসংখ্যক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।