/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/d96ad684-a921-4fb2-a91b-9b7018fc9a40.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ পঞ্চভূতত বিলীন হ'ল আজীৱন অসমীয়া ভাষাৰ উন্নতিৰ হকে কাম কৰি যোৱা ভাষাবিদ সাহিত্যাচাৰ্য ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য। সোমবাৰে দিনৰ প্ৰায় ১.৩০ বজাত নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় ডঃ ভট্টাচাৰ্যৰ।
এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে সাহিত্যাচাৰ্যগৰাকীৰ অসংখ্যা গুণমুগ্ধৰ লগতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল আৰু অসম আৰক্ষী তথা প্ৰশাসনৰ কেবাগৰাকী শীৰ্ষ বিষয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/afe7b540-d632-45d7-8e1e-8fc14cde98c6.jpg)
১৯২৫ চনত নলবাৰীত জন্মগ্ৰহণ কৰা বিশিষ্ট পণ্ডিতগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই অন্তিম শ্ৰদ্ধা জনাবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় ভালেসংখ্যক গুণমুগ্ধ। বিভিন্ন দল-সংগঠনৰ নেতাৰ পৰা আৰম্ভ কৰি সাংসদ বিজয়া চক্ৰৱৰ্তী, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী পুৱাই উপস্থিত হয়গৈ বিশিষ্ট সাহিত্যিকগৰাকীৰ গৃহত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/67ca472e-165b-4b01-a6be-4490fb21788c.jpg)
বিশিষ্ট পণ্ডিতগৰাকীৰ মৃত্যুত অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, প্ৰকাশন পৰিষদ, আছু, এবছু, যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। ইতিমধ্যে অসম সাহিত্য সভাৰ প্ৰতিনিধিকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে তেওঁৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জনায়।
শেষকৃত্য অনুুষ্ঠানৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ চানমাৰি ৰাজহুৱা পূজা সমিতিৰ কাৰ্যালয়, অসম সাহিত্য সভাৰ কাৰ্যালয় আৰু বি বৰুৱা কলেজলৈ নিয়া হয়। সাহিত্য সভাৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে বড়ো সাহিত্য সভাৰ বিষয়ববীয়াসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ২৫ বছৰতকৈয়ো অধিক কাল ধৰি অধ্যক্ষৰ দায়িত্বত থকা বি বৰুৱা কলেজত নশ্বৰ দেহ পোৱাৰ লগে লগে অসংখ্যাজনে তেওঁক অন্তিম শ্ৰদ্ধা নিবেদন কৰে।
ইফালে, বিশিষ্ট ভাষাবিদ, গৱেষক, পণ্ডিত ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যলৈ শ্ৰদ্বা জ্ঞাপন কৰি এবছুৰ পতাকা অৰ্ধনমিত ৰাখে। ভট্টাচাৰ্য বড়োসকলৰ হৃদয়ত সদায় আন্তৰিকতাৰে জীয়াই থাকিব বুলি মন্তব্য কৰি এবছুৰ হৈ উৰ্খাউ গৌড়াই বিশিষ্ট ভাষাবিদ, গৱেষক, পণ্ডিতগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়।