/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/dr-pramod-chandra-bhattacharjee-sahityacharjya.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ। অসমীয়া ভাষা-সাহিত্যৰ অন্যতম গৱেষক সাহিত্যাচাৰ্য ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু নাই। সোমবাৰে পুৱা প্ৰায় ৪.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।
বিগত কেবাদিনো ধৰি অসুস্থ হৈ থকা বিশিষ্ট সাহিত্যিতগৰাকীক যোৱা ২৪ অক্টোবৰত সংকটজনক অৱস্থাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয় ৯৪ বৰ্ষীয় ভট্টাচাৰ্যই।
ডঃ ভট্টাচাৰ্য্য গুৱাহাটী আলোচনা চক্ৰ, কাকলি মইনা পাৰিজাত, অসম প্ৰাকৃতিক কবি সন্মিলন, চানমাৰি সাহিত্য সভাৰ দৰে বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত। ৰাজ্যখনৰ শিক্ষাৰ ক্ষেত্ৰখনতো উল্লেখনীয় অৱদান আগবঢ়াই আহিছে ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/19f57709-2a11-4540-857e-21408044d8a2-1.jpg)