সাহায্যৰ নামত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দৰিদ্ৰক উপলুঙা, ভগালে এটা আলু আৰু একাপ দাইল, ৰাইজে উভতালে সাহায্য সামগ্ৰী, VIDEO

সাহায্যৰ নামত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দৰিদ্ৰক উপলুঙা, ভগালে এটা আলু আৰু একাপ দাইল, ৰাইজে উভতালে সাহায্য সামগ্ৰী, VIDEO

author-image
asomiyapratidin
New Update
সাহায্যৰ নামত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দৰিদ্ৰক উপলুঙা, ভগালে এটা আলু আৰু একাপ দাইল, ৰাইজে উভতালে সাহায্য সামগ্ৰী, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ সংবাদ মাধ্যমত সমালোচিত হোৱাৰ পিছতেই খৰখেদাকৈ নিজা সমষ্টি বঢ়মপুৰত উপস্থিত হৈয়ে অথন্তৰ ঘটিছে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ। বঢ়মপুৰত বিধায়কজনে আগবঢ়োৱা সাহায্য সামগ্ৰী ৰাইজে ওভতালে ক্ষোভত। সাহায্যৰ নামত দিছিল এটা আলু, একাপ দাইল, ৫টকীয়া নিমখৰ পেকেট এটা, চাউল এক-ডেৰ কেজি। এগৰাকী বিধায়কৰ ফালৰ পৰা এটা আলু আৰু এমুঠি দাইল পাই ক্ষুব্ধ হৈ পৰে ৰাইজ।

Advertisment

বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ সাহায্য বিতৰণত ক্ষুব্ধ একাংশ ৰাইজ। উল্লেখযোগ্য যে, বঢ়মপুৰৰ বিধায়ক গৰাকী ৰাইজৰ দুৰ্দিনত খবৰ ল'বলৈও আহৰি নোপোৱা প্ৰসংগত সমষ্টিবাসী ৰাইজ ইতিমধ্যেই গুজৰি-গুমৰি আছিল। শেহতীয়াকৈ যোৱা ২৬ তাৰিখে বিধায়ক গৰাকীৰ পত্নীয়ে বঢ়মপুৰৰ কেইটামান অঞ্চলত সাহায্য বিতৰণ কৰে। নিজ হাতে দিব নোৱাৰা ৰাইজৰ বাবে প্ৰতিটো ৱাৰ্ডৰ নামত ৫০ কেজি চাউল, দাইল ৪ কেজি, আলু ৫ কেজি, নিমখ দহ কিলো প্ৰদান কৰি থৈ যায় দলীয় কৰ্মীৰ হাতত।

বিশেষকৈ অভাৱে জুৰুলা কৰা দুখীয়া আৰু কৰ্মহীন ৰাইজৰ মাজত বিতৰণৰ বাবে এয়া আছিল একেবাৰে নূন্যুতম সামগ্ৰী। দলীয় কৰ্মীসকলে বঢ়মপুৰ নেধাৰগাৱঁৰ ২৮ ঘৰ দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী খিনি বিতৰণ কৰোতে ঘৰে প্ৰতি আলু এটা, দাইল একাপ, ৫টকীয়া নিমখৰ পেকেট এটা, চাউল এক-ডেৰ কিলোকৈ পৰে। কাৰ্যতঃ দলীয় কৰ্মী সকলে সাহায্য সামগ্ৰী নিজে বিতৰণ কৰিবলৈ লাজ অনুভৱ কৰি গাৱঁৰ চেঙেলীয়া লৰা দুজনমানৰ জৰিয়তে সন্ধিয়া মনে মনে দিয়াৰ ব্যৱস্থা কৰে। সোমবাৰে পুৱা ঘটনাৰ সবিশেষ পোহৰলৈ আহে। এগৰাকী বিধায়কে এটা আলু আৰু একাপ দাইল দিয়া কাৰ্যত অপমান বোধকৰে ৰাইজে।

"আমি ভিখাৰী নহয়,আমাক অপমান কৰিছে বিধায়কে, আৰু সেয়ে আমি আপোনাৰ সামগ্ৰী আপোনাকে ওভতাই দিছোঁ" – বুলি দুখ প্ৰকাশ কৰিছে একাংশ ৰাইজে। সকলোৱে খাদ্য সামগ্ৰী সমূহো স্থানীয় দলীয় কৰ্মীৰ ঘৰত গৈ ওভতাই দিয়ে।