ৰাজনৈতিক সংস্থাপনৰ ঘাটি হৈ পৰিছে শক্তি খণ্ড

ৰাজনৈতিক সংস্থাপনৰ ঘাটি হৈ পৰিছে শক্তি খণ্ড
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত বিদ্যুতৰ সংকট দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ পৰিৱৰ্তে অসমৰ পৰিৱৰ্তনকামী চৰকাৰে ৰাজ্যৰ শক্তিখণ্ডক ৰাজনৈতিক সংস্থাপনৰ থলীত পৰিণত কৰাৰ লগতে পৰ্যায়ক্ৰমে ইয়াক সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ পূৰ্বৰ চৰকাৰে আৰম্ভ কৰা এই প্ৰক্ৰিয়াৰ চূড়ান্তৰূপ দিবলৈ অগ্ৰসৰ হৈছে বিজেপি চৰকাৰ৷

স্মৰ্তব্য যে, কংগ্ৰেছৰ শাসনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক ভেটাৰ গোজত পৰিণত কৰি তিনিটা কোম্পানী ক্ৰমে এ পি ডি চি এল, এ ই জি চি এল, আৰু এ পি জি চি এল গঠন কৰিছিল৷ গঠন কৰাৰ পাছতে উৎপাদন, বিতৰণ আৰু উন্নয়ন এই তিনিটা ভাগত কাম-কাজ বিভাজিত কৰিছিল৷ পৰৱৰ্তী পৰ্যায়ত কাৰিকৰী বিষয়াৰ পৰিৱৰ্তে অৱসৰপ্ৰাপ্ত আই এছ বিষয়াক অধ্যক্ষ ৰূপে এ এছ ই বিত নিয়োগ কৰা হয়৷ ইয়াৰ সমান্তৰালকৈ কোম্পানী তিনিটাৰ সঞ্চালক মণ্ডলীটো অ-কাৰিকৰী বিষয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল৷

বিজেপিৰ শাসনকালত কোম্পানী তিনিটাত তেনে ব্যক্তিৰ লগতে ৰাজনৈতিক ব্যক্তি নিয়োগৰো এক প্ৰক্ৰিয়া আৰম্ভ হয়৷ এনেদৰে ২০১৬ চনত নিযুক্তি লাভ কৰা বিজেপি নেতা নিৰ্মল নুনিছাসহ দুজনক পৰিচালন বোৰ্ডৰ সঞ্চালক হিচাপে নিয়োগ কৰা হৈছিল যদিও নুনিছাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ জনাই পদত্যাগ কৰে৷ পিছে নিৰ্মল নুনিছাৰ পদত্যাগৰ আগদিনাই চৰকাৰে আন ৯ গৰাকী অ-কাৰিকৰী তথা ৰাজনৈতিক ব্যক্তিক তিনিওটা কোম্পানীত সঞ্চালকৰূপে নিয়োগৰ এক অধিসূচনা জাৰি কৰে৷ তেওঁলোক হ'ল ক্ৰমে এ ই জি চি এলত মহেন্দ্ৰ কোঁৱৰ, হেমচন্দ্ৰ দলে আৰু অচ্যুত ফুকন৷ এ পি ডি চি এলত ড০ প্ৰদীপ ঠাকুৰীয়া, তৰুণ বৰুৱা মৰাণ আৰু এ পি জি চি এলত নিত্য ভূষণ দে, শংকৰ দাস, অনুপ সিং ৰাজপুৰোহিত আৰু ভৱেন শৰ্মা৷

আচলতে নিৰ্মল নুনিছাই নৱ নিযুক্ত সঞ্চালক কেইজনৰ নিয়োগৰ পিছতেই অস্তিত্বৰ সংকটত ভূগি পদত্যাগ কৰিছে নে প্ৰকৃততে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে পদত্যাগ কৰিছে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব৷ ইফালে, চৰকাৰৰ অধিসূচনাৰ পিছতে শক্তি বিভাগে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পূৰ্বে শুকুৰবাৰে ইয়াৰে একাংশ নৱ নিযুক্ত তথাকথিত সঞ্চালকে বিদ্যুৎ পৰিষদত উপস্থিত হৈ তেওঁলোকৰ বাবে চেম্বাৰ, গাড়ীকে ধৰি অন্যান্য সা-সুবিধাৰ বিচাৰ লয়৷

মুখ্যমন্ত্ৰীৰ নাম লৈ হঠাতে এনেদৰে এইসকল বিষয়া উপস্থিত হোৱাত কোম্পানীৰ বিষয়ববীয়াসকল হতভম্ব হয়৷ কিয়নো ইতিপূৰ্বে তেওঁলোকৰ এনে কোনো অভিজ্ঞতা নাছিল৷ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কাৰ্যপ্ৰণালী বা পৰিচালন পদ্ধতি আন নিগম নিকায়ৰ দৰে নহয়৷ তথাপি পৰিচালন বোৰ্ডত সঞ্চালক মণ্ডলীৰ ভিতৰত উপদেষ্টা হিচাপে কোনো অ-কাৰিকৰী বিষয়া ৰাখিলে বিশেষ বৈঠকত আমন্ত্ৰণ জনোৱাৰ এক নিয়ম আছিল৷ তেনে বৈঠকত অংশ লোৱাৰ বাবদ তেওঁলোকৰ বাবে বিশেষ মাননিও নিৰ্ধাৰিত আছিল৷

কিন্তু এতিয়া ৯ জনকৈ নৱ নিযুক্ত সঞ্চালকে নিজাকৈ চেম্বাৰৰ লগতে পিয়ন-চকীদাৰকে ধৰি অন্যান্য কৰ্মচাৰী আৰু নিয়মীয়াকৈ ব্যৱহাৰ কৰিব পৰাকৈ বিলাসী গাড়ী বিচৰা ঘটনাই বাৰুকৈয়ে বিমোৰত পেলাইছে কোম্পানীৰ বিষয়ববীয়াসকলক৷ এনে কাৰ্যকলাপে ৰাজ্যৰ বিদ্যুৎ খণ্ডতো সম্পূৰ্ণ ৰূপে ব্যক্তিগত সংস্থাক গতাই দিয়াৰ আগজাননী বুলি অভিহিত কৰিছে একাংশ লোকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in