/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/4-lakh_11zon.jpg)
ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত বিদ্যুৎ বিভাগে বিদ্যুৎ গ্ৰাহকক জ্বলা কলা খুৱাইছে। ইয়াৰ মাজতে বকো বৈদ্যুতিক উপ-সংমণ্ডলৰ পৰা সুগ্ৰীৱ ৰাভা নামৰ বিদ্যুৎ গ্ৰাহকগৰাকীলৈ এমাহতে লক্ষাধিক টকাৰ বিল প্ৰেৰণ কৰাৰ পিছত পুনৰ আন এগৰাকী বিদ্যুৎ গ্ৰাহকলৈ বৈদ্যুতিক উপ-সংমণ্ডলটোৰ পৰা এমাহতে চাৰি লক্ষাধিক টকাৰ বিদ্যুত মাচুলৰ বিল প্ৰেৰণ কৰাৰ তথ্য পোহৰলৈ আহিছে ।
জানিবপৰা মতে বকো বৈদ্যুতিক উপ-সংমণ্ডল অধীনৰ হেকৰাগাঁৱৰ জয়কান্ত গোস্বামী নামৰ বিদ্যুত গ্ৰাহকগৰাকীলৈ যোৱা ১০ আগষ্টত ৪,৮৩,৫৬৬ টকাৰ বিদ্যুত মাচুল প্ৰেৰণ কৰিছে । ঘৰত কেৱল দুখনমান ফেন , এটা ফ্ৰিজ, এটা মটৰ আৰু কেইটামান লাইট ব্যৱহাৰ কৰা পৰিয়ালটোৰ ইমান বেছি বিদ্যুৎ মাচুল কেনেকৈ হ'ব পাৰে বুলি ভাবি আচৰিত হৈছে ।বিদ্যুৎ গ্ৰাহকগৰাকীয়ে এই সন্দৰ্ভত বিদ্যুৎ বিভাগৰ মন্ত্ৰীক টুইটাৰ যোগে টুইট কৰাৰ পিছত বিজুলী ভৱনৰ পৰা মঙ্গলবাৰে নিশা ৮,৬৬৯ টকা বিদ্যুৎ মাচুলৰ বিল ইণ্টাৰনেটত আপল'ড দিছে । বিদ্যুৎ বিভাগৰ এনে কাণ্ডত গ্ৰাহকগৰাকীৰ লগতে বকোৰ সৰ্বসাধাৰণ ৰাইজ আচৰিত হৈ পৰিছে ।
এমাহতে চাৰি লক্ষাধিকৰো অধিক টকা বিদ্যুৎ বিল প্ৰেৰণ কৰাৰ পিছত সেই বিলখনকে শুধৰাই ৮,৬৬৯ কৰাৰ কথা ৰাইজৰ বাবে আচৰিত হ'ব লগা কথাই । ঘৰত বিদ্যুৎ সংযোগৰ মাহেকীয়া বিদ্যুৎ মাচুল চাৰি লক্ষাধিক টকা নাইবা শুধৰালে আঠ হেজাৰ টকা হোৱা কথাটো একপ্ৰকাৰ গেলি-পচি যোৱা মাছৰ বজাৰৰ দৰে হৈছে । বিদ্যুৎ গ্ৰাহক জয়কান্ত গোস্বামীৰ পৰিয়ালে জানোৱামতে যোৱা মাৰ্চ মাহত বিদ্যুৎ মাচুল আদায় দিছিল ২,৯৪৩ টকা । পৰিয়ালটোৱে মে' মাহতো বিদ্যুত মাচুল আদায় দিছিল ৭,২০৩ টকা । কিন্ত এইবাৰ বিদ্যুৎ মাচুল পৰিমাণ একেবাৰে গছত গৰু উঠা কথাৰ দৰেই হ'ল ।
বকো বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ পৰা বিদ্যুৎ বিল প্ৰেৰণ কৰাৰ পিছত বিল আদায় নিদিলে সংযোগ কৰ্তন কৰাৰ নইবা আইন-আদালতৰ ভয়ত নীৰৱে অধিক পৰিমাণৰ মাচুল আদায় দি আহিছিল যদিও এইবাৰ কিন্ত পৰিয়ালটোৰ সহ্যৰ সীমা পাৰ হ'ল । যাৰ বাবে বিদ্যুৎ বিভাগৰ মন্ত্ৰীক টুইটাৰত টুইট কৰি অভিযোগ কৰিব লগা হয় ।
ইফালে বকোৰ যোগীপাৰা গাঁৱৰ বসন্ত দাস নামৰ বিদ্যুত গ্ৰাহকগৰাকীলৈও দহ হেজাৰ পাঁচশ টকাৰ বিদ্যুৎ বিল প্ৰেৰণ কৰিছে । অতি দৰিদ্ৰ পৰিয়ালটোৱে মাত্ৰ দুটা লাইট আৰু এখন ফেন ব্যৱহাৰ কৰে । বসন্ত দাসে কৰা অভিযোগ মতে প্ৰতিমাহতে দুটা লাইট আৰু ফেনখন ব্যৱহাৰ কৰাৰ নামত ১৫০০/১৬০০ টকা আদায় দি আহিছে । এইবাৰ কিন্ত দিয়া নাই। কাৰণ লকডাউনে জৰুলা কৰা পৰিয়লটোৱে কোনোমতে পেটে ভাতে খাই জীয়াই আছে । গতিকে ক'ৰপৰা দিয়ে ইমান বিদ্যুৎ মাচুল।
উল্লেখকৰা বিদ্যুৎ গ্ৰাহক কেইগৰাকী বকো বৈদ্যুতিক উপ-সংমণ্ডল পৰা অধিক মাচুল প্ৰেৰণ কৰি হাৰাশাস্তি কৰা কেইগৰাকীমানহে বিদ্যুত গ্ৰাহক । বহু বিদ্যুত গ্ৰাহকে বিদ্যুত সংযোগ কৰ্তন নাইবা আইন-আদালতৰ ভয়ত মুখ খুলা নাই ।