ডাকঘৰেও দিছিল এ টি এমৰ সুবিধা, আজিৰ পৰা ৰাজ্যত আৰম্ভ ডাক বেংক সেৱা…

ডাকঘৰেও দিছিল এ টি এমৰ সুবিধা, আজিৰ পৰা ৰাজ্যত আৰম্ভ ডাক বেংক সেৱা…

চিঠি নহয়, এইবাৰ ডাক বেংক সেৱা আৰম্ভ কৰিছে ডাকঘৰে। অসমতো মুকলি কৰা হৈছে এই সেৱা। কি কি সুবিধা পাব আপুনি? বেংক নে ডাকঘৰ হ'ব আপোনাৰ বাবে সুবিধাজনক? দীপজ্যোতি শইকীয়াৰ সহযোগত 'অসমীয়া প্ৰতিদিন'ৰ ডিজেটেল ডেস্কৰ এক বিস্তৃত প্ৰতিবেদন।

পাৰৰ পাখীৰ পৰা এ টি এম বক্সলৈ। আজি সুচনা হব ' চিঠি পৰিক্ৰমা' বিভাগৰ আধুনিক অধ্যায়

পাৰৰ পাখীত গাঠি দিলো

ফুলাম চিঠিখনি

জনাও বুলি জগতখনক…

পাৰৰ পাখীত নিজৰ অন্তৰৰ ব্যথাভৰা চিঠিখন গুজি দি প্ৰিয়জনলৈ প্ৰেৰণ কৰাটো আছিল সুপ্ৰাচীন অধ্যায়। সুখ-দুখ ,হাঁহি-কান্দোনৰ মেটমৰা বোজাৰ উপলব্ধি কঢ়িয়াই নীল আকাশৰ গগণচুম্বী উৰিছিল পাৰ চৰাইটি। সেউজীয়া আবেষ্টনীৰ সেওতা ফালি দেউকা প্ৰসাৰিত কৰি উৰি যোৱা পাৰটোৱে যেনেকৈ বতাহৰ গতিৰে আগুৱাই গৈছিল তেনেদৰেই সীমনাতো আপোনজনক দিছিলগৈ আপোনজনৰ বাৰ্তা। অথবা সেই একেই পৰিক্ৰমাৰে আপোনজনৰ কুশল-মঙ্গল বাৰ্তা কঢ়িয়াই অন্তৰ শাত পেলাইছিল বহুজনৰ।

সেই যুগত চিঠি প্ৰেৰণৰ এই পৰিক্ৰমাই আছিল একমাত্ৰ সাৰ্বজনীন ব্যবস্থা। আনকি এনেদৰে প্ৰেৰণ কৰা বাৰ্তাৰ ভিত্তিতে কেতিয়াবা যদি হৈছিল যুদ্ধ বিগ্ৰহ, আন কেতিয়াবা আকৌ হৈছিল সন্ধিৰ মন্ত্ৰণা। মুঠতে একোখনি চিঠিয়ে ৰক্ষা কৰিছিল সুখ- দুখ, হাহি-কান্দোনৰ অনাবিল পৰিক্ৰমা।

এনে পৰিক্ৰমাৰ আত ধৰিয়েই পৰবৰ্তী সময়ত আৰম্ভ হৈছিল চিঠি আদান প্ৰদানৰ নিয়মিত ব্যৱস্থা। পাৰৰ পাখীত চিঠি গুজি দিয়াৰ পৰিবৰ্তে মানুহৰ জৰিয়তে চিঠি আদান প্ৰদান ব্যৱস্থাৰ। কিয়নো এইদৰে চিঠি দিয়া কাৰ্য আছিল অধিক নিৰ্ভৰযোগ্য। পাৰৰ জৰিয়তে প্ৰেৰণ কৰা চিঠি প্ৰাপকে পোৱা নোপোৱাৰ কোনো নিশ্চয়তা নাছিল। কিন্তু মানুহৰ  জৰিয়তে  চিঠি প্ৰেৰণ কৰিলে চিঠি পোৱাৰ নিশ্চয়তাৰ লগতে চিঠিৰ প্ৰত্যুত্তৰো চিঠি বাহকে লৈ আহিব পাৰিছিল।

এনেদৰে বিশ্বাসযোগ্য মানুহৰ জৰিয়তে চিঠি আদান প্ৰদানৰ ব্যৱস্থাৰ ভিত্তিতে আৰম্ভ হৈছিল কটকী পঠিওৱাৰ ব্যৱস্থা। ৰামায়ন-মহাভাৰতৰ যুগতো এনেদৰে কটকীৰ জৰিয়তে চিঠি আদান প্ৰদান কৰি বাৰ্তা বিনিময়ৰ আখ্যান পোৱা যায়। তথাপিও সেই সময়ত ৰজা মহাৰজা বা আঢ্যৱন্ত লোকসকলেহে কটকী ধৰিব পাৰিছিল বাবে সেইসকলৰ বাবেহে চিঠিৰে মত-বিনিময়, বাৰ্তা দিয়াৰ ব্যৱস্থা প্ৰচলন আছিল।

সেই সময়তো সকলোৰে মনত চিঠি আদান প্ৰদান কৰি মনৰ অভিব্যক্তি প্ৰকাশৰ সপোন আছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাছিল। পৌৰাণিক সময়ৰ পৰা ক্ৰমে ক্ৰমে আধুনিক সমাজ ব্যৱস্থালৈ উত্তৰণৰ ফলশ্ৰুতিত সকলোৰে হাবিয়াস পূৰণৰ বাবে প্ৰচেষ্টা আৰম্ভ হ'ল। সমাজৰ বিভিন্নজনে সুবিধা অনুযায়ী চিঠি আদান-প্ৰদান কৰাৰ ব্যৱস্থা চলি থাকিল।

তথাপিও যোগাযোগৰ এই সুচল মাধ্যমটোৰ প্ৰচাৰ প্ৰসাৰ আৰু উত্তৰণৰ বাবে চিন্তাচৰ্চা আৰম্ভ হ'ল। এনে চিন্তা-চৰ্চাৰ ফলশ্ৰুতিতে এদিন প্ৰণালীবদ্ধভাবে আৰম্ভ হল 'ডাক ব্যৱস্থ' । চিঠি আদান প্ৰদান সুশৃংখলিত কৰি সকলোকে মনৰ ভাৱ প্ৰকাশ কৰি যোগাযোগৰ মাধ্যম হিচাপে গঢ় দিয়াৰ ফলশ্ৰুতিতে ১৭৭৪-চনত আমাৰ দেশতো  আৰম্ভ হ'ল ডাকসেৱা।

আৰম্ভ হ'ল ডাকোৱালে ঘৰে-ঘৰে, পদুলিয়ে-পদুলিয়ে আপোনজনৰ বাৰ্তা লৈ চিঠি বিলি কৰা ব্যৱস্থা। যাতায়ত পৰিবহণৰ দুৰ্গম-দুৰ্যোগপূৰ্ণ এই সময়ত খৰখোজেৰে কুশল বাৰ্তা কঢ়িওৱা ডাকোৱালজন হৈ পৰিল সকলোৰে আপোন । সেয়ে গীততো স্থান পালে ডাকোৱালে-

কৈ যোৱা ডাকোৱাল

খোজ কিয় কোবাল

ৰুণুক জুনুক কিনো বাজে

তোমাৰ চিঠিৰ টোপোলাত

চিঠি নামে অসংখ্যাত…

কান্ধত চিঠিৰ জোলোঙাতো ওলোমাই খৰখোজেৰে যোৱা ডাকোৱালজনলৈ চুকে চুকে পদুলিয়ে পদুলিয়ে সকলোৱে অপেক্ষা কৰা হ'ল। নকৰিবনো কিয়?  যোগাযোগৰটো অন্য কোনো উপায়েই নাই। একক আৰু অনন্য এই ডাক ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা, বিশ্বাস আৰু গভীৰতাও যথেষ্ট বৃদ্ধি পালে। অন্তৰৰ নিভৃত কোণৰ পৰা সকলোৱে আকোৱালি ললে চিঠি-ডাকোৱাল আৰু ডাকসেৱাক।

বিশ্বাস জিনাৰ পুৰাতন পৰম্পৰা বুকুত সাৱটি  জয়যাত্ৰা আৰম্ভ হ'ল ডাক ব্যৱস্থাৰ। কেৱল কাগজত চিঠি লিখাৰ পৰম্পৰাৰ পাছত ডাক বিভাগে 'ৰেডিমেড'  ফৰ্মেটত চিঠি লিখাৰ বাবে প্ৰৱৰ্তন কৰিলে পোষ্টকাৰ্ড, ইংলেণ্ড লেটাৰ, এনভল্প, এক্সপ্ৰেছ ডেলিভাৰী খাম আদি। যিসমূহ বিপুলভাবে জনপ্ৰিয় হ'বলৈ ধৰিলে। নতুন ৰূপত যাত্ৰা আৰম্ভ কৰিলে ভাৰতীয় ডাকে। এইছোৱা সময়তে ভাৰতীয় ডাক পৰিগণিত হ'ল বিশ্বৰ সৰ্ববৃহত ডাক সেৱা হিচাপে।

ঐতিহাসিত তথ্য অনুসৰি প্ৰাকস্বাধীনতা যুগত শ্বেৰশ্বাহৰ ৰাজত্বকালত (১৫৪১ -৪৫)  ভাৰতবৰ্ষত ডাক ব্যৱস্থাৰ প্ৰচলন হৈছিল। বৃটিছ আমোলত লৰ্ড ক্লাইভে ১৭৬৬ চনত ভাৰতত ডাক ব্যৱস্থাৰ সুত্ৰপাত ঘটালেও ১৭৭৪ চনৰ পৰা ভাৰতীয় ডাক সকলোৰে বাবে মুকলি কৰা হয়। সেই সময়তে সৰ্বব্যাপি ডাক সেৱাৰ প্ৰচাৰ-প্ৰসাৰ কৰিবৰ বাবে ১৮৫৪ চনত ৰাণী ভিক্টোৰিয়াৰ ছবি সম্বলিত প্ৰথম ডাক টিকট প্ৰকাশ কৰা হয়।

এই বৰ্ষটো আছিল ডাকসেৱাৰ বাবে ঐতিহাসিক বছৰ। কিয়নো এই বৰ্ষতে  ডাক বিভাগে কেৱল চিঠি পত্ৰ আদান প্ৰদানৰ উপৰিও নগদ টকা সৰবৰাহ কৰিবলৈ মণি অৰ্ডাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰে। একে সময়তে আৰম্ভ হয় ৰেজিষ্ট্ৰি, পাৰ্চেল আদি ব্যৱস্থা আৰু ডাক বিভাগে ক্ৰমশ এক নতুন গতি লাভ কৰে ।

১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষক ৰাণীৰ হাতত অৰ্পন কৰাৰ লগে লগে ভাৰতত বৃটিছ ৰাজৰ প্ৰতিষ্ঠা হয়। ইয়াৰ পাছত ১৮৬১ চনলৈ ৮৮৯টা ডাকঘৰ গা কৰি উঠে য'ত ৪৩ নিযুত চিঠি আৰু ৪.৫ নিযুত বাতৰি কাকতৰ আদান প্ৰদান হৈছিল । ১৯১১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিশ্বৰ প্ৰথম উৰণীয়া ডাক (এয়াৰ মেইল)ৰ ঘটনা ঘটে য'ত হেনৰী পেকুৱেট নামৰ ফৰাচী পাইলত জনে এলাহাবাদৰ পৰা ১৫ কেজি ভাৰ (প্ৰায় ৬০০০ চিঠি) লৈ উৰা মাৰি গংগা নদীৰ সিপাৰে অৱস্থিত নেইনি নামৰ ঠাইত উপস্থিত হয় ।স্বাধীনতাৰ পাছত  ভাৰতীয় ডাকে দেশজুৰি  সেৱা আগবঢ়োৱা আৰম্ভ কৰে।

১৯৫৯ চনত ভাৰতীয় ডাক বিভাগে "Service before Self"ক নিজৰ আদৰ্শ বাক্য হিচাপে গ্ৰহণ কৰি ডাক সেৱাৰ আধুনিকীকৰণত গুৰুত্ব আৰোপ কৰে ।১৯৯১ চনত বহুমুখী কাউণ্টাৰ যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ কৰা হয়। সমান্তৰালভাবে ১,৩০,০০০ গ্ৰাম্য ডাক ঘৰক ইলেক্ট্ৰনিক ব্যৱস্থাৰ জ্বৰিয়তে সংযোগ কৰি ডাক সেৱা, ডাক বেংকিং আৰু বীমা সেৱাত ডিজিটেল লেনদেনৰ ব্যৱস্থা কৰে।

ডাক সেৱাত ট্ৰেকিং আৰু ট্ৰেচিং ব্যৱস্থা প্ৰয়োগ কৰি ২০০৬-০৭ আৰু ২০১১-১২ চনৰ ভিতৰত এখন ১৮৭৭.২ কোটি টকাৰ আঁচনিৰ জ্বৰিয়তে ২৫,০০০ ডাক ঘৰ (২৫,৪৬৪ৰ ভিতৰত) কম্পিউটাৰাইজড্ কৰা হয়।

২০১৩ চনৰ ২২ মাৰ্চত প্ৰবাসী ভাৰতীয়ৰ বাবে ইলেক্ট্ৰনিক ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO) আৰম্ভ হয়। এইবোৰ পোষ্টেল অৰ্ডাৰৰ সহায়ত অনলাইনযোগে ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ মাছুল পৰিশোধ কৰাৰ সুবিধা হ'ল। ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই সেৱা সকলো ভাৰতীয়ৰ বাবে মুকলি কৰি দিয়া হয়।

এনেদৰে এক দীৰ্ঘ পৰিক্ৰমাৰ পাছত নব্য তথ্য প্ৰযুক্তিৰ সেৱা সম্প্ৰসাৰণৰ জৰিয়তে ভাৰতীয় ডাকে একক আৰু অনন্য  মাত্ৰা লাভ কৰে। চিঠি আদান প্ৰদানৰ জৰিয়তে আৰম্ভ হোৱা ডাক বিভাগে সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যোৱা আৰম্ভ কৰে। বিশেষকৈ মোবাইল সেৱাৰ দ্ৰুত সম্প্ৰসাৰণে চিঠি ব্যৱস্থাৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই অনা সত্ত্বেও মোবাইল বিল ঘৰে ঘৰে প্ৰেৰণৰ দৰে প্ৰত্যাহ্বানমুলক সেৱাও আৰম্ভ কৰে। তথাপিও মোবাইল যুগৰ দ্ৰুত সম্প্ৰসাৰণে চিঠি লিখি ডাকত পঠিওৱা ব্যৱস্থাক অস্তিত্ব সংকটলৈ ঠেলি দিয়াৰ সময়তে ডাক বিভাগে বিত্তীয় ব্যৱস্থাপনাৰ দিশটো আধুনিককৈ আৰম্ভ কৰাৰ চিন্তাচৰ্চা কৰে।

কিয়নো বেংকিং সেৱাৰ সম্প্ৰসাৰণ আৰু নেট বেংকিং ব্যৱস্থাই মণি অৰ্ডাৰ ব্যৱস্থাটোকেই বিলুপ্ত কৰি পেলাই। এনে প্ৰেক্ষাপটতে ২১ শতিকাৰ আৰম্ভনিতে ডাক বিভাগে বেংকৰ দৰে এ টি এম স্থাপন কৰি গ্ৰাহকক লেনদেনৰ সুবিধা দিব বুলি ঘোষণা কৰি সকলোকে আচৰিত কৰি তোলে। সকলোৰে মুখে মুখে প্ৰশ্ন হয়, ডাকঘৰত হব এ টি এম? ডাকঘৰটো বেংক হৈ যাব নেকি? এনে অজস্ৰ প্ৰশ্নই সকলোৰে উৎসুকতা বৃদ্ধি কৰা সময়তে ডাক বিভাগে অচম্বিতে ঘোষণা কৰে। ডাকঘৰত স্থাপন হব ডাক বেংক।

২০১১ চনৰ জুলাই মাহত ডাক বিভাগে এ টি এম খুলিব বুলি ঘোষণা কৰাৰ লগে লগে ডাক বিভাগত অভূতপূৰ্ব পৰিবৰ্তনৰ সূচনা হোৱাৰ বিষয়ে সকলো অবগত হয়। প্ৰথম পৰ্যায়ত চেন্নাই আৰু ইয়াৰ অধীনৰ ৮টা মুখ্য ডাকঘৰত এই ব্যৱস্থাৰে সাঙুৰি লৈ ১০ লক্ষাধিক উপভোক্তাক সেৱা আগবঢ়োৱা হয়। প্ৰাৰম্ভিক পৰ্যায়ত এই পৰীক্ষামুলক সেৱা সফল হোৱাৰ  পাছত  পৰ্যায়ক্ৰমে আগবাঢ়ে ডাক বিভাগ। এই প্ৰক্ৰিয়াৰে সুদীৰ্ঘ প্ৰায় ৭ বছৰৰ পৰিকল্পনাৰ অন্তত 'চিঠি কঢ়িওৱা ' বিভাগটোৱে সময়ৰ সৈতে খোজ মিলাই আৰম্ভ কৰিলে ডাক বেংক সেৱা।

দেশৰ বিভিন্ন প্ৰান্তৰ ৬৫০টা ডাকঘৰত আৰম্ভ কৰা হৈছে ডাক বেংকৰ শাখা। এই শাখাসমূহৰ সৈতে সংযুক্ত থাকিব ৩২৫০টা এক্সেচ পইন্ট বা এ টি এম। অসমতো ২৬ টা প্ৰধান ডাকঘৰ আৰু ১৩০ টা এ টি এমৰ জৰিয়তে এই সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে ডাক বিভাগ। উজনি অসমত ডিব্ৰুগড় ডাক সংমণ্ডলৰ অধীনত ৯টা ডাকঘৰৰ অধীনত ৪৫ টা এ টি এম আৰু শিৱসাগৰ ডাক সংমণ্ডলৰ অধীনৰ ৩টা ডাকঘৰৰ লগতে ১৫টা এ টি এমৰ জৰিয়তে উপভোক্তাক সেৱা আগবঢ়াবলৈ সাজু হৈছে বিভাগটো।

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টালকাটোৰা ষ্টেডিয়ামত আনুষ্ঠানিকভাবে ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক মুকলি কৰাৰ লগে লগে দেশৰ ডাকসেৱাত সূচনা হ'ব এক নতুন অধ্যায়। একেসময়তে সকলো ডাক বেংকৰ শাখাতে অনুষ্ঠিত হ'ব শুভাৰম্ভণি অনুষ্ঠান। যি অধ্যায়ে বহন কৰিব পাৰৰ পাখীত চিঠি পঠিয়াই মানুহে যোগাযোগ স্থাপন কৰাৰ পৰা আধুনিক বেংক ব্যৱস্থাৰ গৌৰবোজ্জল পৰিক্ৰমা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in