/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/KOKRAJHAR-BY.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ছ'চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট তথা আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰা বাবে শনিবাৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত নুৰ হুছেইন (৩০)নামৰ এগৰাকী যুৱকক আৰক্ষীয়ে আটক কৰে। হিন্দু জাগৰণ মঞ্চ নামৰ সংগঠনটোৱে দিয়া এজাহাৰৰ ভিত্তিত শনিবাৰে ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহাই নুৰ হুছেইনক ঘৰৰ পৰাই আটক কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/MODI-POST.jpg)
ঘটনা সন্দৰ্ভত ফকিৰাগ্ৰাম থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 120(B) /153/153(A) /295(A) মৰ্মে এক গোচৰ (নং ৪৯/২০২০) ৰজু কৰি অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/KOKRAJHAR-MAN.jpg)
উল্লেখ্যে যে, অভিযুক্ত নুৰ হুছেইনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ উপৰিও বিজেপি তথা হিন্দুত্ববাদৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ কৰি আহিছিল। তদুপৰি পেচাত ক্ষুদ্ৰ ব্যৱসায়ী নুৰ হুছেইনে পাকিস্থান, সন্ত্ৰাসবাদ আৰু বাংলাদেশৰ সপক্ষে পোষ্ট শ্বেয়াৰ কৰি আহিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/HINDU.jpg)