/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d125a9da-f17a-4638-b746-2d384f41b6fb/piii.jpg)
poshan panchayat
ডিজিটেল সংবাদ,লালুক: কৰুণাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত আৰু ৯ নং পাভ চেক্টৰৰ উদ্যোগত মঙলবাৰে পোষণ পঞ্চায়ত সভা খন পাভত অনুষ্ঠিত কৰা হয়। মূলত পোষণ মাহৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত সভাত সভাপতিত্ব কৰে পাভ গাওঁ পঞ্চায়তৰ প্ৰতিনিধি মঃ শ্বৰিফুল ইছলামে। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই পাভ চেক্টৰৰ মুখ্যসেৱিকা কৰৱী বৰুৱাই।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৰুণাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া দিনেশ চন্দ্ৰ দাস, বঙালমৰা গেজিং স্বাস্থ্য কল্যাণ কেন্দ্ৰৰ সামুহিক স্বাস্থ্য বিষয়া হিৰকজ্যোতি পাঠৰী, পুনম কুমাৰি আৰু এম পি দব্লিউ দীপ্তি পাঠৰী, শংকৰদেৱ মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা ব্ৰজেন শইকীয়া ৷
আনহাতে উপস্থিত থাকে নাৰায়ণপুৰৰ পৰা আমন্ত্ৰণ কৰি অনা সংগীত মুকুটা বটা প্ৰাপ্ত শীল্পি তুলসী গগৈ, বাদ্য শিল্পী দুগ্ধ পাচনি, কৰুণাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰিসংখ্যা সহায়ক প্ৰণীত কুমাৰ পেগু, মুখ্যসেৱীকা ক্ৰমে শোভা ছেত্ৰী, দুলুমনি ভট্টাচাৰ্য, ৰূপৰেখা দেউৰী, নমিশা শইকীয়া, ৰিতামনি শইকীয়া, গনেমা বেগম, প্ৰীঞ্চ সন্দিকৈ, খণ্ড সহায়ক সম্বনয়ক দিগন্ত বৰা, কাৰ্যালয় সহায়ক শ্বহীদুল ইছলাম, ৩ নং ধৰ্মপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইব্ৰাহিম আলী, সহ শিক্ষয়িত্ৰী মঞ্জুলা গোস্বামীৰ লগতে চেক্টৰৰ সকলো কৰ্মী সহায়িকা, গৰ্ভৱতী, প্ৰসুতি মাতৃ আৰু স্থানীয় ৰাইজ। সভাৰ শলাগৰ শৰাই আগবঢ়াই অংগনবাড়ী কৰ্মী নাৰগিছ চুলতানাই৷