/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f6884a05-90a0-44e5-887c-8b9afe32811d/girl.jpg)
ডিজিটেল সংবাদ, চিৰাং: চৰম দাৰিদ্ৰতাৰ মাজতো সদ্য ঘোষিত বিজ্ঞান বিষয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত সফলতাৰে উত্তীৰ্ণ হোৱা বাসুগাঁও চহৰৰ সুভাষনগৰৰ মেধাৱী ছাত্ৰী অংকিতা দাসক শুকুৰবাৰে সদৌ অসম বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ এটা সজাতি দলে তেওঁৰ বাসগৃহত গৈ বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
শুকুৰবাৰে ছাত্ৰ সংগঠনটোৰ পৰা সম্বৰ্ধনা লাভ কৰাৰ পিছত বাসুগাঁও চহৰৰ এক নং ওৱাৰ্ড সুভাষনগৰৰ এটি অতিকৈ দৰিদ্ৰ পৰিয়ালৰ কন্যা তথা মেধাৱী ছাত্ৰী অংকিতা দাসে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত চতুৰ্থ ষাণ্মাসিকত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী পিতৃ খগেন চন্দ্ৰ দাসৰ মৃত্যু হৈছিল। পিতৃৰ মৃত্যুৰ পিছত অংকিতাৰ অধ্যয়ন মাজ পথতে বন্ধ হোৱাৰ উপক্ৰম হৈছিল ।
কিন্তু আৰ্থিক দুৰৱস্থাৰ মাজতে মেধাৱী ছাত্ৰী গৰাকীৰ বিজ্ঞান স্নাতক পৰীক্ষা সম্পূৰ্ণ কৰাৰ দুৰ্বাৰ হেপাহৰ কথা বিভিন্ন জনে অৱগত হোৱাৰ পিছত বহু গুণমুগ্ধ তথা বিশিষ্ট ব্যক্তি লগতে দল সংগঠনে অংকিতা দাসক সহায় কৰিবলৈ কাষ চাপি আহে ।
তাৰ মাজতে সদৌ অসম বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক জিত পালে সংগঠনৰ হৈ অংকিতা দাসৰ ভৰ্তি মাচুলৰ লগতে অধ্যয়নৰ বাৱে প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য্য আগবঢ়াই আছিল ।
অংকিতা দাসে উল্লেখ কৰে যে, বাসুগাঁৱৰ নেতাজী সুভাষ বিদ্যানিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰদ্যুত গোস্বামী, বিশিষ্ট ব্যবসায়ী তথা সমাজসেৱক সুভাষ লোক ৰায়ে যথাসম্ভৱ তেওঁক সহায় সহযোগিতা আগবঢ়াইছিল। এই ব্যক্তি সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন নকৰিলে অন্যায় কৰা হব বুলিও উল্লেখ কৰে অংকিতা দাসে।
এইক্ষেত্ৰত মাতৃ আলো দাসে পিতৃৰ আধৰুৱা সপোন পূৰণ কৰিবলৈ অংকিতাৰ বিজ্ঞান বিষয়ৰ অধ্যয়ন সম্পূৰ্ণ কৰাৰ বাবে অন্য লোকৰ ঘৰত দৈনিক কাম কৰি তেওঁক সহায় কৰিছিল বুলি জনাই অংকিতা দাসে ।
চৰম দৰিদ্ৰতাৰ মাজত থাকিও নিজৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি নিজৰ মেধাশক্তিৰে বিজ্ঞান বিষয়ৰ স্নাতক পাঠ্যক্ৰমৰ চুৰান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ অংকিতা দাসৰ এই সাফল্য আনৰ বাৱে এক অনুপ্ৰেৰণা হওঁক বুলি মন্তব্য কৰে সদৌ অসম বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ নেতা জিত পালে ।