উৎকোচ লোৱা অ’চি ছাৰৰ ভিডিঅ’ ভাইৰেল, নীৰৱ উৰ্দ্ধতম কৰ্তৃপক্ষ

উৎকোচ লোৱা অ’চি ছাৰৰ ভিডিঅ’ ভাইৰেল, নীৰৱ উৰ্দ্ধতম কৰ্তৃপক্ষ

author-image
asomiyapratidin
New Update
উৎকোচ লোৱা অ’চি ছাৰৰ ভিডিঅ’ ভাইৰেল, নীৰৱ উৰ্দ্ধতম কৰ্তৃপক্ষ

ডিজিটেল সংবাদ, কোকিলাঃ বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্ৰহ্লাদ দাসে আছামীৰ পৰা বৃহৎ পৰিমাণৰ টকা উৎকোচ লোৱাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতো বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক নীৰৱ হৈ থকাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

Advertisment

মেৰেৰচৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে দীৰ্ঘদিন ধৰি থানাতে আদালত বহুৱাই মুক্তভাৱে উৎকোচ লোৱাৰ অভিযোগ। আৰক্ষী বিষয়া দাসে এজাহাৰকাৰীৰ পৰা ধন লোৱাৰ লগতে দালালৰ জৰিয়তে অভিযুক্তৰ পৰা মোটা অংকৰ উৎকোচ লৈ গোচৰৰ নামত থানাতে মেল বহুৱাই লৈ পুলিচ ৰাজ চলোৱা বুলিও ভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছে।

আনকি এজাহাৰকাৰীক থানাতে সামাজিক মেল আয়োজন কৰাৰ পৰামৰ্শ দি সেয়া নামানিলে অন্য গোচৰ জাপি দিব বুলি ভাবুকি দিয়া বুলিও বহুতে জানিবলৈ দিছে। এনে পৰিপ্ৰেক্ষিতত দাসে আৰক্ষী বিষয়া হিচাপে যোগদান কৰি অঞ্চলটোত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে বুলিও অঞ্চলটোত চৰ্চা চলা দেখা গৈছে।

আৰক্ষী বিষয়াজনে মুক্তভাৱে দালালৰ জৰিয়তে উৎকোচ লোৱাৰ দৃশ্য মোবাইলত বন্দী কৰা দৃশ্য ভাইৰেল হৈছে যদিও দাসৰ বিৰুদ্ধে আজি পৰ্যন্ত উৰ্দ্ধতম কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।