আৰক্ষী বিষয়া মৃদুল কুমাৰ মেধিৰ মৃত্যু

মৃত্যুৰ সময়ত মেধিয়ে পত্নী , এগৰাকী কন্যা ,পুত্ৰকে ধৰি আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়

author-image
Asomiya Pratidin
New Update
আৰক্ষী বিষয়া মৃদুল কুমাৰ মেধিৰ মৃত্যু

ডিজিটেল সংবাদ , বেবেজীয়া : নগাওঁ জিলাৰ বেবেজীয়া সমীপৰ নিজ ডিমৌ নিবাসী তথা অসম আৰক্ষীৰ ৱাৰলেচ বিভাগৰ বিষয়া মৃদুল কুমাৰ মেধিৰ শনিবাৰে বিয়লি নগাওঁ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় । প্ৰয়াত মেধিয়ে বিগত কিছুদিন ধৰি পেটৰ এক জটিল ৰোগত ভুগি আছিল বুলি পৰিয়ালৰ লোকে জানিবলা দিয়ে।

Advertisment

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ। মৃত্যুৰ সময়ত মেধিয়ে পত্নী , এগৰাকী কন্যা ,পুত্ৰকে ধৰি আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায় । অঞ্চলটোত সৎ, মৰমিয়াল, অমায়িক হিচাপে পৰিচিত মৃদুল কুমাৰ মেধিৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে । তেওঁৰ মৃত্যুত নিজ ডিমৌত শোকৰ ছাঁ পৰে ।

Also Read: ৪১ বছৰ বয়সতো একেই উদ্দীপনা গ'ল দিবৰ বাবে, ছিৰিজ এৰ বৰ্ষীয়ান গ'লদাতাৰূপে পৰিচিত হ'ল ইব্ৰাহিম'ভিক

Assam police