মঙলদৈত চোৰৰ উপদ্ৰৱ, নিশা চোৰ পুলিচৰ খেদা খেদি

author-image
Asomiya Pratidin
New Update
মঙলদৈত চোৰৰ উপদ্ৰৱ, নিশা চোৰ পুলিচৰ খেদা খেদি

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ চহৰৰ মাজমজিয়াৰ ৰাজাপামত শুকুৰবাৰে পুৱতি নিশা চোৰ আৰু আৰক্ষীৰ খেদা খেদি। এলট' বাহন এখনত অহা পাচজনীয়া এটি চোৰৰ দলে ৰাজাপামত চুৰি কাৰ্য্য কৰিবলৈ ৰৈ থাকোতেই আৰক্ষীয়ে খবৰ পাই উপস্থিত হয় উক্ত স্থানত।

আৰক্ষী অহা দেখি বাহন এৰি পলায়ন চোৰৰ। আগে আগে চোৰ পিছে পিছে আৰক্ষী। অৱশেষত পিটনিৰ মাজৰ পৰা এটা চোৰক ধৰিবলৈ সক্ষম হল আৰক্ষী। দলটোৰ বাকী ৪ জন চোৰ পলাই যাবলৈ সক্ষম হয়। চোৰে ব্যৱহাৰ কৰা এখন এলট' বাহন আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে চোৰ খেদা সমগ্ৰ দৃশ্য বন্দী হল CC TV কেমেৰাত।

Assam police