নগাঁও আৰক্ষীৰ জালত চাঞ্চল্যকৰ ননৈ হত্যাকাণ্ডৰ তিনি মূল অভিযুক্ত

নগাঁও আৰক্ষীৰ জালত চাঞ্চল্যকৰ ননৈ হত্যাকাণ্ডৰ তিনি মূল অভিযুক্ত

author-image
asomiyapratidin
New Update
নগাঁও আৰক্ষীৰ জালত চাঞ্চল্যকৰ ননৈ হত্যাকাণ্ডৰ তিনি মূল অভিযুক্ত

ডিজিটেল সংবাদ, নগাঁওঃ যোৱা ২২ অক্টোবৰৰ সন্ধিয়া ননৈ খাটৰগাঁৱৰ নিজগৃহত গুলীয়াই হত্যা কৰা হৈছিল প্ৰাক্তন সেনা জোৱান দীপেন নাথক। হত্যাকাণ্ডত জড়িত প্ৰণৱ নাথ, ৰাজীৱ বণিক আৰু চুলতান আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দুধৰ্ষ চুপাৰী কিলাৰ ৰাজীৱ বণিকে শূণ্য দূৰত্বৰ পৰা গুলীয়াইছিল দীপেন নাথক।

Advertisment

জানিব পৰা মতে, প্ৰণৱ নাথে ব্যৱসায়িক কথা বতৰাৰ চলৰে মাতি নিছিল নিহত দীপেন নাথক। ইফালে দ্বীপেন নাথক হত্যা কৰাৰ পিছতেই কুখ্যাত ডকাইত চুলতান আলীৰ বাইকত পলায়ন কৰিছিল ৰাজীৱ বণিক আৰু প্ৰণৱ নাথে। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছদিনাই নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ কৰিছিল প্ৰণৱ নাথক।

ইফালে, প্ৰণৱ নাথৰ স্বীকাৰোক্তিৰ ভিত্তিত শনিবাৰে দিনৰ ১১ বজাত ৰহা কাকতিগাঁৱৰ পৰা ৰহাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্জীয়ে গ্ৰেপ্তাৰ কৰে দুধৰ্ষ অপৰাধী ৰাজীৱ বণিকক। ৰাজীৱ বণিকৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত অসামৰিক পোছাকত যোৱা আৰক্ষীৰ এটা দলে দিনৰ ২বজাত নগাঁও বাইপাছৰ সুগন্ধি ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰে চুলতান আলীক।

ইতিমধ্যে নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক জন দাস, পদ্ম পেগু আৰু ৰহাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্জীৰ নেতৃত্বত যোৱা এটা দলে বাক্সাৰ তামুলপুৰৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল আৰু পালচাল বাইকখন জব্দ কৰিছে।