কবিতা ৬১/ শাওনৰ পথাৰ

author-image
Asomiya Pratidin
New Update
কবিতা ৬১/ শাওনৰ পথাৰ

- দুলাল বৰা

Advertisment

শাওনৰ পথাৰখনত এজাক ৰোৱনীৰ

চঞ্চলা হাঁহি ৰং ধেমালিৰ নানা

কথাৰ মাজতেই পাৰ হৈচে

পথাৰৰ সময়বোৰ

তাতেই যেন বিচাৰি

পাইছে সুখৰ অনুভূতি

জীৱনৰ অন্য এক মাদকতা।

একাঠু পানী আৰু এপল বোকাৰ

মাজত সোমাই ৰুইছে ভূই ৰোৱনী জাকে

সেউজীয়াৰেই সপোন ৰচি

আনন্দ উল্লাসৰে গাইছে গান

সৰু বৰ আঙুলিৰ পৰশেৰে

ধান পুলিবোৰ বোকাত গুজি

জগতখন সজাম বুলি

ন-কৈ সেউজ ৰং সানি।

এজাক শীতল বতাহে

ধান পুলিবোৰ চুই গৈছে

আৰু জোকাই লাহেকৈ চুই

গৈছে প্ৰতিজনী ৰোৱনীৰ

কঁকালৰ মেথনিখন জোকাৰি

শাওনৰ পথাৰখনৰ

সেউজীয়াবোৰৰ মাজত

চঞ্চল হৈ কিবা এক

মুক্ত প্ৰেমৰ শিহৰণ

হৃদয়ত জগাই ।

পথাৰৰ বোকাময় আলিতোতে বহি

পোৰা মাছ ,আলু পিটিকা

লগত খাৰলিৰে

পঁইতা ভাত খাই

কথাৰ মহলাৰে

তামোল চালিৰে কোঁৱাৰিৰে

বৈ অহা পিকৰ সৈতে

ৰঙা কৰা দুখনি ওঁঠত

ওলাই আহিছে হাজাৰটা কথা

লাগবান্ধ নোহোৱা ,

জাউৰীয়ে জাউৰীয়ে উঠে

হাঁহিৰ হেন্দোলনি যেন

সন্ধিয়া পৰত ঘৰ মুৱ পক্ষীবোৰে

বাহ বিচাৰি আৰু নিজ পোৱালি আগত

কয় গৈ দিনত হোৱা ঘটনাৰ

সমষ্ট বিৱৰণবোৰ।

ৰ'দ, বৰষুণক নেওচি ভূই ৰোৱা

ৰোৱনীবোৰ মনত কেৱল এতিয়েই হেঁপাহ

উকা পথাৰখনক কি দৰে

কৰিব পৰি সেউজীয়া

যা'তে জগতখন থাকিব

নালাগে ক্ষুধাৰ তাৰনাত

চট্ ফটাই সকলো

যেন থাকক আনন্দৰ খিলখিলাই।

assamese poem