কবিতা ৫১/ কাৰ্ফিউৰ চহৰ

শেষ নোহোৱাসকলে জানে কি শেষ হৈছে/ভঁৰালৰ ধান নে শাওণৰ পানী পৰুৱাৰ গান

author-image
Asomiya Pratidin
New Update
কবিতা ১২৯/ অনুভৱী মন

কবিতা

প্ৰাঞ্জল কুমাৰ মহন্ত

Advertisment

শেষ নোহোৱাসকলে জানে কি শেষ হৈছে

ভঁৰালৰ ধান নে শাওণৰ পানী পৰুৱাৰ গান

সৌজাক ভোকৰ সমদল

পেটৰপৰা যেন নিমিষতে বৈ আহিব

নাৰী-ভুৰু পুৰি লাভা লাভা আৰু লাভা

ব্ৰেকফাষ্ট, ইউনিফৰ্ম, টিফিন

স্কুলৰ ঘণ্টা ধ্বনি, পানীৰ ছুটী

কলেজৰ মেজৰৰ ক্লাছ

প্ৰেক্টিকেল, ফিল্ড প্ৰজেক্ট

দৌৰাদৌৰি, জুমাজুমি, ফুচফুচনি

কিশলয়ৰ বৰগীত, সুৰ সাধনাৰ ৰাগ

নৱৰূপত হীৰুহঁতৰ চিত্ৰকলা

চহৰৰ ফ্লেটবোৰ হিট চেম্বাৰ

ঘড়ীৰ কাটাৰ বিচৰণৰ শব্দবোৰো

কলঘৰৰ মেচিনৰ দৰে লাগিছে

আত্মবিনাশৰ অশান্ত ইচ্ছা একোটাই

সংগোপনে গজালি মেলিছে

পুৱা-আবেলিৰ পথাচাৰী

সকলো নিতাল

বিষণ্ণ, অৱসন্ন

কলেজ কেণ্টিনৰ চিংৰা-কচুৰীৰ ফৰমাইচ

উদ্দাম হাঁহিৰ খিলখিলনি

আবেলিৰ ফুটপাথৰ ফুচকা

চাওমিন আৰু ম'ম'ৰ শাৰী শাৰী গাড়ী

চিকেন লেগ, পক'ৰা, ড্ৰাম ষ্টিক

আমলিঘাটত এতিয়া কোনো ৰোৱা নাই

দিম বুলি মনৰ জপাত সাঁচি থোৱা

প্ৰেমৰ প্ৰস্তাৱবোৰ

ইণ্টাৰভিউৰ বাবে চলোৱা প্ৰস্তুতিবোৰ

দোকমোকালিতে ৰিজাৰ্ভত দৌৰা ল'ছালীবোৰ

বিউটি পাৰ্লাৰ, সুশ্ৰী সৌন্দৰ্যৰ জিমখানা

ৰেষ্টোৰাঁবোৰত অৰ্ডাৰ দি

কোনো প্ৰেমিকে প্ৰেমিকাৰ চকুহালত

যন্ত্ৰ সংগীতৰ গুণগুণনিবোৰ গুঁঠি থকা নাই

ফুটপাথৰ বজাৰ, মণিহাৰী, মুচি

চেলুনৰ বিবিধ ভাৰতীৰ গীতৰ তাল

কেচিৰ কিচকিচ শব্দ

সেউজীয়া-হালধীয়া প্ৰলেপ সানি

গ্ৰাহকৰ অপেক্ষাত ৰৈ থকা ৰিক্সাবোৰ

চাইকেল-মটৰ চাইকেলৰ হৰ্ণ

টেম্প', টমটমত যাত্ৰীৰ ঠেলা ঠেলি

ব্যস্ত কোলাহল সামৰি চহৰবোৰ মৰিশালি

গাঁৱৰ চাৰিআলিত, জিৰণিচ'ৰাত

অৰ্ধনগ্ন মানুহবোৰ নাই

গাঁৱলৈ বৰফৱালাবোৰো অহা নাই

মেট্ৰিকৰ ৰিজাল্ট আৰু কেমেৰাৰ ক্লিক ক্লিক

সাংবাদিকৰ প্ৰশ্ন,

"কিমান ঘণ্টা পঢ়িছিলা? ভৱিষ্যতে কি হোৱাৰ সপোন? সমাজৰ বাবে…"

সকলো প্ৰশ্ন এতিয়া প্ৰস্তৰীভূত

কোনে ক'ব কাৰ ভৱিষ্যতৰ কথা

কোনে লেখিব কাৰ সপোনৰ বেথা

মৰাঘৰীয়াত মাত এষাৰ বাদেই

মৰা শ জ্বলোৱা মানুহো নাই

অৰ্বাচীন নহয় এই মহামাৰী-খৰ

পুৰাতন কোলাত লালিত এই মহাসমৰ

আন্ধাৰত জীয়ন দিয়া মাটিৰ কলিজা

বেলিৰ তাপত গজিব সপোনৰ শইচ

তোমালোকৰ উত্তৰ পুৰুষৰ

পৃথিৱীৰ মানুহৰ আমাৰ ভৱিষ্যতৰ

assam poem