মনৰ নিভাঁজ কোনত এটি প্ৰশ্ন
আমি বাৰু প্ৰকৃতে স্বাধীন নে ?
এইখন স্বাধীন দেশৰ নাগৰিক হয় নে বাৰু?
শতকৌতি শ্বহীদৰ তেজৰ বিনিময়ত
পৰাধীনতাৰ শিকলি চিঙি আমি
পালোঁ স্বাধীনতা।
কিন্তু.......!
আজিৰ স্বাধীনতাই
কি দিলে বাৰু আমাক ?
নাই একো দিয়া নাই
এই স্বাধীনতাই আমাক
আমি স্বাধীন নহয়
স্বাধীনতাৰ নামত
ফলক লগাই থোৱা এখন
বন্দীশালৰ বন্দী হে আমি।
স্বাধীনতাৰ নামত কামিজ গাত পিন্ধি থকা
আমি মাথোন এটি পৰাধীনৰ জাতি
এইয়া কেনেধৰণৰ স্বাধীনতা বাৰু
যি স্বাধীনতাৰ বাবে ঘৰৰ পৰা ওলালেই
আমাৰ মন চিন্তাৰে ভৰি উঠে
মৃত্যুৰ ভয়ে পদে পদে খেদি থাকে
তেনে সন্ধিক্ষণত আমি কিদৰে
বিজয় পতাকা উৰুৱাই বাৰু
মুক্তমনে কেনেকৈ গাব পাৰোঁ স্বাধীনতাৰ গান ?
প্ৰতিক্ষণ খৰ্ব হয় যদিও
আমাৰ মানৱীয় অধিকাৰ
তথাপিও আমি গৌৰৱান্বিত
আমি স্বাধীন দেশৰ নাগৰিক বুলি
সমতাৰ নামত চলা বেহাতখনত
উলঙ্ঘণ হ'লেও জীয়াই থকাৰ অধিকাৰ,
তথাপিও আমি গৰ্বিত যে
আমি স্বাধীন দেশৰ নাগৰিক।
দেশৰ বুভুক্ষিত, নিষ্পেষিত জনৰ
চিৎকাৰৰ কল্লোল শুনিও
প্ৰতিখন হৃদয়তেই উত্থাপিত
হোৱা কিয় এটি প্ৰশ্ন
আমি সঁচাকৈয়ে স্বাধীন
দেশৰ নাগৰিক নে বাৰু ?
দেশৰ অৰ্থনীতিৰ
বুনিয়াদৰ গড়া খহিল
কৃষকসকলৰ, দৰিদ্ৰসকলৰ
মুখত হাঁহি নাই !
সেই যে নৰপিশাচবোৰ
যাৰ হাতত পলে পলে
ধৰ্ষিতা হয় হাজাৰ নাৰী
সিহঁতে জানো পাই উচিত শাস্তি
সিহঁত এতিয়াও মুক্ত
এয়াই নেকি বাৰু স্বাধীন দেশ
সৰ্বত্ৰে এতিয়া অন্ধকাৰ
লাঞ্চিত-বঞ্চিত-শোষিতৰ আস্ফালনত
প্ৰতিটো সন্ধিয়াই শংকিত হয়
ঠগ-প্ৰৱঞ্চনাৰে ক্ষত-বিক্ষত
চিৰসেউজ স্বাধীন স্বপ্নৰ মানৱীয় সত্বা
মাথোঁ তোষামোদৰ বাঘজৰীত বন্দীত্ব ।
তেনে হ'লে চৰম অনিশ্চয়তাত বন্দী হৈ
কিহৰ বাবে গাইছোঁ স্বাধীনতাৰ গান
কিহৰ বাবে উদযাপন কৰিছোঁ
স্বাধীনতাৰ দিৱস ?
সম্প্ৰতি সময়বোৰ যে
স্বাধীনতাৰ অন্য এক আতংক আৰ্তনাদ
য’ত হিংসা, শোষণ, বিস্ফোৰণে
জোকাৰি যায় কলিজা
মৰহি যাৱ ধৰে দেশপ্ৰেমৰ অদম্য হেঁপাহ
তেনেহ'লে এইয়া কিহৰ স্বাধীনতা,
যি মলঙি ধৰে প্ৰতিদিনে জিপাল হৈওঁ
সংবিধানৰ অনুচ্ছেদৰ
পাতত নাই নে বাৰু?
এই আতংকৰ নিবৃত্তি
সহজে ঘটোৱাৰ উপায়
যিমান কঠিন গোটমৰা
তেজত হ'লেও দেশপ্ৰেমৰে
নিৰ্মল কৰাৰ।
নোৱাৰি নেকি কেতিয়াও
আন্ধাৰৰ মহাগৰ্ভ বিদাৰি
নিষ্পেষণকাৰীৰ বিৰুদ্ধে ঠিয় হৈ
আকৌ এবাৰ ঐক্যবদ্ধ হৈ
নৱ চেতনাৰে উন্মোষ জগাই
এক পুলকিত স্বাধীনতা যাপন কৰিব?