মঙলবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব পবিতৰা অভয়াৰণ্য...

এটা খৰ্গযুক্ত গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ দ্বাৰ মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হ'ব
Pobitora Wildlife Sanctuary
Pobitora Wildlife Sanctuary

ডিজিটেল সংবাদ, মায়ং : দেশী-বিদেশী পৰ্যটকৰ বাবে এটা খৰ্গযুক্ত গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ দ্বাৰ ১১ অক্টোবৰ, মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হ'ব।২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে কিছুদিন আগতেই মুকলি কৰিব লাগিছিল যদিও ইটোৰ পিছত সিটো বানে পবিতৰাৰ ভিতৰৰ বাট পথ সমুহ বোকাময় কৰি ৰখাৰ বাবে কিছু পলম হোৱা দেখা যায়।

পবিতৰা অভয়াৰণ্যৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী-বিধায়কৰ লগতে কেইবাজনো বন বিভাগৰ উচ্চ পদস্থ বিষয়া। ইতিমধ্য পবিতৰাৰ হাডুক ওলোমা সেঁতু আৰু ডাক বাংলাৰ আশে পাশে চুন, তেল ঘহি ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে অভয়াৰণ্যখনক।

উল্লেখ্য যে পবিতৰা অভয়াৰণ্যৰ কৰ্তৃপক্ষই যোৱা ২০২০-২১ বৰ্ষত দেশী-বিদেশী পৰ্যটকৰ পৰা ৰাজহ সংগ্ৰহ কৰিছে ৩৫,৭৬,৩ ০০ টকা। ইয়াৰ উপৰিও ২০২১-২২ পৰ্যটন বৰ্ষত ৪৭,৮৪,৭৭৫ টকা সংগ্ৰহ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in