/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b1d4468d-98b8-4bee-b808-3a6d2938c464/pobitora2.jpg)
pobitora
ডিজিটেল সংবাদ, মায়ং : দেশী-বিদেশী পৰ্যটকৰ বাবে এটা খৰ্গ যুক্ত গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ দ্বাৰ সোমবাৰে দিনৰ ১২.৩০ বজাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
ফিটা কাটি নাৰিকল ভাঙি দ্বাৰ মুকলি কৰে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জলসম্পদ পীযুষ হাজৰিকাই। সভাৰ আৰম্ভণিতে ড০ উৎপল নাথৰ ৰচনা আৰু পৰিকল্পনাৰে যুগুত কৰা পবিতৰা শীৰ্ষক এটি সমবেত সংগীত পৰিবেশন কৰে মায়ং মহাবিদ্যালয়ৰ ছাত্ৰীয়ে।
উল্লেখযোগ্য যে ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে কিছুদিন আগতেই পবিতৰা অভয়াৰণ্য দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব লাগিছিল যদিও ইটোৰ পিছত সিটো ব্ৰহ্মপুত্ৰৰ বানে পবিতৰাৰ ভিতৰৰ বাট পথ সমূহ বোকাময় কৰি ৰখাৰ বাবে কিছু পলম হোৱা দেখা যায়।
পবিতৰা মুকলি অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত, ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ, কেইবাজনো বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল। বন বিভাগৰ ১১ টা হাতী আৰু ২০খন জীপ গাড়ী সাজু কৰা হৈছে।