পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনসংযোগ বিভাগৰ নিযুক্তিত হোৱা অনিয়মৰ বিৰুদ্ধে শিৱসাগৰত আছুৰ বিক্ষোভ প্ৰদৰ্শন

পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনসংযোগ বিভাগৰ নিযুক্তিত হোৱা অনিয়মৰ বিৰুদ্ধে শিৱসাগৰত আছুৰ বিক্ষোভ প্ৰদৰ্শন

ডিজিটেল সংবাদ,শিৱসাগৰঃ পঞ্চায়ত, গ্ৰামোন্নয়ন বিভাগ, জনসংযোগ বিভাগত নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত হোৱা ব্যাপক অনিয়ম, স্বজন তোষণ, দূৰ্নীতিৰ প্ৰতিবাদত আৰু এই সন্দৰ্ভত ন্যায়িক তদন্ত ঘোষণা কৰাৰ দাবীত  সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মঙলবাৰে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়। শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দিনৰ ১১ বজাৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ শতাধিক কৰ্মীয়ে এই বিক্ষোভ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে।

বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই কয় যে- আজিৰ এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বধীন বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছো যে, নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে অসমৰ নিবনুৱাক সপোন দেখুৱাইছিল বছৰি লক্ষাধিক নিবনুৱাক সংস্থাপন দিয়াৰ কথা কৈছিল, ঠিক সেইদৰে ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে বছৰি দুই কোটি নিবনুৱাক সংস্থাপন দিয়াৰ কথা কৈছিল।

কিন্তু যিটো সময়ত ৰাজ্য চৰকাৰে নতুনকৈ পদ সৃষ্টি কৰিব পৰা নাই, সেই সময়তে কেইটামান বিভাগত সীমিত সংখ্যক পদৰ নিযুক্তিৰ ক্ষেত্ৰত লাখ লাখ নিবনুৱাৰ মাজত সাক্ষাৎকাৰ পাতি স্বজন-তোষণৰ জৰিয়তে ৰাজনৈতিক আশীষ ধন্য ব্যক্তিক নিযুক্তি দি গোটেই প্ৰক্ৰিয়াটো খেলিমেলিৰ সৃষ্টি কৰা কাৰ্যক সদৌ অসম ছাত্ৰ সন্থাই ধিক্কাৰ জনাই নিযুক্তিৰ এই দূৰ্নীতিৰ উচিত তদন্ত দাবী জনোৱাৰ কথা ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in