/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/de606bc5-963d-493d-85b0-dbb9cebf5709/mon.jpg)
Planting saplings
ডিজিটেল সংবাদ,চৰাইদেউঃ সোমবাৰে সোণাৰি সমষ্টিৰ বিধায়ক তথা প্ৰকৃতিপ্ৰেমী ধৰ্মেশ্বৰ কোঁৱৰৰ বিশেষ উদ্যোগত চকিয়াল যুৱ সমাজৰ সহযোগত ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাঙ্গণ আৰু ঐতিহাসিক শ-ধোৱা পুখুৰীৰ পাৰত শতাধিক গছপুলি ৰোপন কাৰ্যসূচী হাতত লয় ।
উল্লেখযোগ্য যে বিধায়ক গৰাকীয়ে জিলাখনৰ বিভিন্ন স্থানত লক্ষাধিক গছপুলি ৰোপন কৰাৰ লগতে মৈদাম ক্ষেত্ৰটো বহু বছৰৰ পৰা বহু ফলমুলৰ পুলি ৰোপন কৰি তাক প্ৰতিপালন কৰি আহিছে ।
এই কাৰ্যসূচীত সমাজকৰ্মী অতুল ৰাজকোঁৱৰ,প্ৰাক্তন আছুনেতা ৰঘু ৰাজকোঁৱৰ,যুৱনেতা পবিত্ৰ গগৈ,জ্যোতিষ কোঁৱৰ,সুৰুষ বৰগোহাঁই আৰু সাংবাদিক প্ৰণৱ বৰগোহাঁই উপস্থিতি থাকি সহযোগিতা আগবঢ়াই ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us