আঙুৰলতাৰ সমদলত দিয়া হোৱা নাছিল আহোম বিৰোধী শ্ল’গানঃ মন্ত্ৰী পীযুষ হাজৰিকাৰ স্পষ্টিকৰণ…

আঙুৰলতাৰ সমদলত দিয়া হোৱা নাছিল আহোম বিৰোধী শ্ল’গানঃ মন্ত্ৰী পীযুষ হাজৰিকাৰ স্পষ্টিকৰণ…

author-image
asomiyapratidin
New Update
আঙুৰলতাৰ সমদলত দিয়া হোৱা নাছিল আহোম বিৰোধী শ্ল’গানঃ মন্ত্ৰী পীযুষ হাজৰিকাৰ স্পষ্টিকৰণ…

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই আজি দিছপুৰত এক সংবাদমেল যোগে আঙুৰলতা ডেকাৰ সমদলত আহোম জনজাগোষ্ঠীৰ বিৰুদ্ধে শ্ল'গান দিয়াৰ অভিযোগ সম্পৰ্কত স্পষ্টিকৰণ প্ৰকাশ কৰিছে।

Advertisment

বিজেপি নেত্ৰী আঙুৰলতাৰ নেতৃত্বত বাহিৰ হোৱা এক সমদলত আহোম জনগোষ্ঠীৰ বিৰুদ্ধে কোনো ধৰণৰ বিৰূপ মন্তব্য নাই কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই ভিডিঅ' সম্পূৰ্ণৰূপে সম্পাদনা কৰি কোনোৱে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰি আছে ।

অসমক ৬০০ বছৰে ৰাজত্ব কৰা আৰু মোগলৰ দৰে বাহিৰা শক্তিত প্ৰতিহত কৰা জাতিক বিজেপিৰ কোনো সদস্যই কেতিয়াও অসন্মান কৰিবলৈ সাহস নকৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । সম্পাদনা কৰা ভিডিঅ'টোৰ আলমত একাংশ সংগঠনে প্ৰতিবাদ কৰি থকাৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই তেঁওলোকক প্ৰকৃত ভিডিঅ'টো চাই প্ৰতিবাদ বাতিল কৰিবলৈ আহ্বান জনায় । আনহাতে উদ্দেশ্য প্ৰণোদিত ভাৱে এনেদৰে ভিডিঅ' সম্পাদনা আৰু প্ৰচাৰ কৰা সকলোকে আৰক্ষীয়ে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে ।