ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী জালিমূখত বান্ধ নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

মঙলবাৰে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰি জালিমূখত বিভাগৰ অধীনত নিৰ্মাণ হৈ থকা বান্ধৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে ।

author-image
Asomiya Pratidin
New Update
ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী জালিমূখত বান্ধ নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰি জালিমূখত বিভাগৰ অধীনত নিৰ্মাণ হৈ থকা বান্ধৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে । বিগত বৰ্ষত এই অঞ্চলত বান্ধ নথকা বাবে ভূটানৰ পৰা নামি অহা পানীৰ ধলে কুলচী নদী হৈ শাকতোলা নদীলৈ বৈ গৈছিল । ফলত শাকতোলা নদীত পানীৰ পৰিমাণ বৃদ্ধি হৈ মথাউৰি ভাঙি দৰং জিলাৰ বৃহৎ অঞ্চলত বানপানীৰ সৃষ্টি হৈছিল ।

Advertisment

জালিমূখত জলসম্পদ বিভাগৰ অধীনত প্ৰায় ১৬.৯৫ কোটি টকাৰ ব্যয়েৰে শিলেৰে বান্ধ নিৰ্মাণৰ কাম চলি আছে । প্ৰায় ১৭৮০ মিটাৰ দৈৰ্ঘ্যৰ, ৩৫ মিটাৰ বহল আৰু ২.৫ মিটাৰ ওখ বান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ওদালগুৰি আৰু দৰং জিলাৰ বৃহৎ অঞ্চলত বানপানীৰ প্ৰকোপ হ্ৰাস হ'ব বুলি আজিৰ পৰিদৰ্শন কালত মন্ত্ৰী হাজৰীকাই আশা প্ৰকাশ কৰে ।

পৰিদৰ্শনৰ কালত জলসম্পদ মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকসকলৰ সৈতেও বাৰ্তালাপ কৰি বান্ধটোৰ বিষয়ে তেওঁলোকৰ মনোভাৱ বুজ লয় । দীৰ্ঘদিনৰ পাছত অঞ্চলটোত বান্ধটো নিৰ্মাণ কৰাত সন্তুষ্ট হৈ স্থানীয় লোকসকলে মন্ত্ৰী পীযুষ হাজৰীকাক কৃতজ্ঞতা জ্ঞাপন কৰে । পাছত সাংবাদিকৰে হোৱা সাক্ষাতত মন্ত্ৰী হাজৰীকাই কয় যে বি টি আৰ অঞ্চলৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ৰ মৰমৰ বাবেই বিগত দুটা বছৰত বি টি আৰৰ চাৰিখন জিলাত জলসম্পদ বিভাগৰ প্ৰায় ৩৫০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হৈছে ।

মন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শনৰ সময়ত সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় গোবিন্দ বসুমতাৰী আৰু দিগন্ত কলিতা, বি টি আৰৰ কেইবাজনো কাৰ্যবাহী সদস্য, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু বিভাগীয় আন বিষয়াসকল উপস্থিত আছিল ।