/asomiyapratidin/media/media_files/2024/12/04/WXDgd8fibtAR5VxrQ5w3.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ শৈক্ষিক দিশত আৰু এখোজ আগুৱাই যোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ উন্নত মানৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ উদেশ্যে কাৰ্বি আংলং জিলাৰ ফুলনিত বুধবাৰে অসম চৰকাৰৰ পৰা আবন্টন পোৱা প্ৰায় ৭.৫ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগীয়া ফুলনি উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ নিৰ্মাণৰ লাই খুটা স্থাপন কৰে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে ।
আনহাতে উক্ত লাই খুটা স্থাপন অনুষ্ঠানত বিধায়ক গৰাকীৰ লগত সংগ দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা ফুলনি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি কাংবুৰা কিলিং, ফুলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি নাথ শইকীয়া, কাৰ্বি আংলং জিলাৰ গড়কাপ্তানী বিভাগৰ SDO চাৰছিং ক্ৰ' , সহকাৰী অভিযন্তা চুলেন খাখলাৰী, ঠিকাদাৰ জিন্টুমনি বৈশ্য, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি এলৱিন টেৰণ, উপ-সভাপতি অজিত বসুমতাৰী, বৃহত্তৰ সমবায় সমিতিৰ অধ্যক্ষ বিদ্যাছিং ৰংপিৰ লগতে বিদ্যালয় খনৰ শিক্ষক- শিক্ষয়িত্ৰী সকল উপস্থিত থাকে ।