ৰেংবেং জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত ৰাইজৰ উৎসৱ উদযাপন...

ৰেংবেং জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত ৰাইজৰ  উৎসৱ উদযাপন...

ডিজিটেল সেৱা, কঠীয়াতলী: কালি নগাঁও জিলাৰ কঠীয়াতলীৰ ৰেংবেং জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত কঠীয়াতলী শিক্ষাখণ্ডৰ সৌজন্যত আৰু নামবৰ লালুং গাঁও মণ্ডল সমল কেন্দ্ৰৰ ব্যৱস্থাপনাত ৰাইজৰ উৎসৱ উদযাপন কৰা হয়। উক্ত ৰাইজৰ উৎসৱত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আকস্মিক বক্তৃতা, চিত্ৰাংকণ , নৃত্য আৰু বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে বিয়লি এখনি মুকলি সভাও অনুস্থিত হয়।মুকলি সভাত সভাপতিত্ব কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক অলকেশ বৰাই।

মুকলি সভাত প্ৰতিযোগীতা সমুহত অংশগ্ৰহন কৰা ছাত্ৰ-ছাত্ৰী সকলক মানপত্ৰ প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰী শৈক্ষিক, মানসিক আৰু বৌদ্ধিক দিশত আগবাঢ়ি যোৱাৰ মানসৰে উদযাপন কৰা ৰাইজৰ উৎসৱত উপস্থিত থাকে কঠীয়াতলী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া শংকৰ চেত্ৰী, খণ্ড সমল ব্যক্তি ৰতন দাস, পূব- নামবৰ লালুং গাওঁ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক কুকিল দাস, লম্বিত দলৈ, উচ্চ বৰ্গৰ সহায়ক প্ৰবিন হাজৰীকা, শিক্ষক গগন হাজৰীকা, কাৰ্য্যলয় সহায়ক নিৰোদ হাজৰীকাৰ লগতে শিক্ষক- শিক্ষয়ত্ৰী, অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in