পেঙেৰীৰ পথাৰত দুটা মেগজিনসহ ৬১ জাঁই সজীৱ গুলী উদ্ধাৰ…

পেঙেৰীৰ পথাৰত দুটা মেগজিনসহ ৬১ জাঁই সজীৱ গুলী উদ্ধাৰ…

author-image
asomiyapratidin
New Update
পেঙেৰীৰ পথাৰত দুটা মেগজিনসহ ৬১ জাঁই সজীৱ গুলী উদ্ধাৰ…

ডিজিটেল সংবাদ, পেঙেৰীঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত সক্ৰিয় হৈছে নেকি আলফা স্বাধীন। শনিবাৰৰ আবেলি পেঙেৰী থানাৰ অন্তৰ্গত চিকৰাজানৰ সমীপৰ পৰা উদ্ধাৰ হৈছে ৩টাকৈ মেগজিনসহ এ কে ছিৰিজ ৰাইফলৰ বিশাল পৰিমাণৰ সজীৱ গুলী। পথাৰৰ মাজত সেই গুলী আৰু মেগজিন দেখা পাই স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।

Advertisment

আৰক্ষীয়ে ৬১টাতকৈ সজীৱ গুলী আৰু দুটা মেগজিনসহ সামগ্ৰী সমূহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। নিশা আলফা স্বাধীনৰ সদস্যৰ পৰা উক্ত মেগজিন আৰু গুলীসমূহ পৰি যোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। উল্লেখযোগ্য যে, তিনচুকীয়াৰ পেঙেৰীত আলফা স্বাধীনৰ এটা দলৰ বিচৰণ কৰি থকা বুলি চোৰাংচোৱাই তথ্য লাভ কৰিছিল। তাৰপাছত পথাৰৰ মাজত এই বিশাল পৰিমাণৰ গুলী উদ্ধাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আলফা স্বাধীনৰ সদস্যই জিলাখনত কূটাঘাত সংঘটিত কৰাৰ সম্ভাৱনাও নথকা নহয়। তেনে পৰিস্থিতিত এই গুলী উদ্ধাৰৰ ঘটনাই সমগ্ৰ জিলাখনতেই শংকাৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ পাছত আলফা স্বাধীনৰ বিচৰণ কৰি থকা দলটোৰ বিৰুদ্ধে সেনাৰ সহযোগত অভিযান তীব্ৰতৰ কৰাৰ সম্ভাৱনা আছে।