ডিজিটেল সংবাদ নগাঁও : কেলিফৰ্ণিয়াৰ পৰা নগাঁৱলৈ আহিছে সুখবৰ। নগাঁৱৰ চলচিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ তথ্যচিত্ৰই লাভ কৰিবলৈ সক্ষম হৈছে পুৰস্কাৰ ৷ "দ্যা ছিলড্ৰেন অৱ গড " নামৰ তথ্যচিত্ৰখনে লাভ কৰিছে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা ৷
কেলিফৰ্ণিয়াৰ ইণ্ডিছ ফ্লিম এণ্ড স্ক্ৰীপ্ট মহোৎসৱত লাভ কৰিছে বৰুৱাৰ তথ্য চিত্ৰখনে এই বঁটা ৷ "দ্যা ছিলড্ৰেন অৱ গড" তথ্য চিত্ৰখনিক বুধবাৰে সামৰনি পৰা কেলিফৰ্ণিয়া ইণ্ডছ ফ্লিম এণ্ড স্ক্ৰীপ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা লাভ কৰাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰা হয় ৷
উল্লেখ্য যে, নগাঁৱৰ পাৰ্থজিৎ বৰুৱাই ইতিপূৰ্বে কেবাখনো তথ্য চিত্ৰ নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কঢ়িয়াই আনিছে ৷ বৰুৱাৰ 'দ্য ছিলড্ৰেন অৱ গড' তথ্যচিত্ৰখনে এইদৰে আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা বিষয়টোৱে নগাঁৱৰ কলা, সংস্কৃতিৰ জগতখনত আনন্দৰ সৃষ্টি কৰিছে।