অৰুণাচলত বাস কৰা অসমীয়া লোকৰ সমস্যা সমাধানৰ বাবে পেমা খাণ্ডুলৈ পত্ৰ প্ৰেৰণ পৰেশ বৰুৱাৰ…

অৰুণাচলত বাস কৰা অসমীয়া লোকৰ সমস্যা সমাধানৰ বাবে পেমা খাণ্ডুলৈ পত্ৰ প্ৰেৰণ পৰেশ বৰুৱাৰ…

author-image
asomiyapratidin
New Update
অৰুণাচলত বাস কৰা অসমীয়া লোকৰ সমস্যা সমাধানৰ বাবে পেমা খাণ্ডুলৈ পত্ৰ প্ৰেৰণ পৰেশ বৰুৱাৰ…

ডিজিটেল ডেস্কঃ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এখন বিশেষ পত্ৰ। চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ আলফাৰ সেনাধক্ষগৰাকীয়ে প্ৰেৰণ কৰা পত্ৰখনত অৰুণাচল প্ৰদেশত বাস কৰা অসমৰ লোকসকলৰ সমস্যা সমাধানৰ বাবে দাবী কৰিছে।

Advertisment

অৰুণাচলত বাস কৰা অসমৰ লোকসকলক ৰাজ্যখনৰ পি আৰ চি প্ৰদানৰ বাবে আহ্বান জনাইছে পৰেশ অসমে। যুগ-যুগ ধৰি ৰাজ্যখনত বাস কৰি আহিছে বহু অসমীয়া লোক। ৰাজ্যখনত বাস কৰা এই লোকসকলে ৰাজ্যখনৰ পৰা পি আৰ চি লাভ নকৰাত সমস্যাৰ সৃষ্টি হৈছে। এনে প্ৰেক্ষাপটত ৰাজ্যখনত বাস কৰা অসমীয়া লোকৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে। এন এক সময়তে পৰেশ অসমৰ এই পত্ৰ প্ৰেৰণৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।