২১ নবেম্বৰত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত ৰবীন্দ্ৰ ভৱনত অন্তিম তৰ্ক প্ৰতিযোগিতা…

২১ নবেম্বৰত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত ৰবীন্দ্ৰ ভৱনত অন্তিম তৰ্ক প্ৰতিযোগিতা…

author-image
asomiyapratidin
New Update
উভতি নহাৰ বাটেৰে তেওঁ যোৱা ২৬বছৰেই হ’লঃ নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি মৃত্যুবাৰ্ষিকী…

ডিজিটেল ডেস্কঃ প্ৰয়াত বিশিষ্ট সাংবাদিক তথা একালৰ প্ৰখ্যাত তাৰ্কিক পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অনুষ্ঠিত কৰি অহা হৈছে সদৌ অসম তৰ্কি প্ৰতিযোগিতা। বিশিষ্ট সাংবাদিক গৰাকীৰ সোঁৱৰণত ১৯৯৭চনৰে পৰা নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা এই তৰ্ক প্ৰতিযোগিতাখন এই বছৰেই অন্তিমবাৰলৈ অনুষ্ঠিত হ'ব। ২০২২ বৰ্ষৰ পৰা এই তৰ্ক প্ৰতিযোগিতাখনৰ পৰিবৰ্তে বিশিষ্ট সাংবাদিকজনৰ সোঁৱৰণত অনুষ্ঠিত হ'ব একোটা বাৰ্ষিক বক্তৃতানুষ্ঠান। সেই অনুসৰি অন্তিমবাৰলৈ এই ২৫ সংখ্যক পৰাগ কুমাৰ দাস সোঁৱৰ সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখন অহা ২১ নবেম্বৰ দেওবাৰে দিনৰ এঘাৰ বজাৰ পৰা মহানগৰীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ বাবে আয়োজকে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Advertisment

অন্তিমবাৰৰ এই প্ৰতিযোগিতাৰ বিষয় হৈছে- 'কেৱল অধিক ক্ষমতা কেন্দ্ৰীভূত কৰাৰ স্বাৰ্থতে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূব ভাৰতৰ আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানত আগ্ৰহী নহয়' (Solely for centralizing more power, the union government is not interested in resolution of the inter-state border disputes of north-east of India.)। পূৰ্বৰ দৰেই প্ৰতিযোগীসকলে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা দুজনকৈ প্ৰতিযোগীয়ে (এজন সপক্ষে, আনজন বিপক্ষে) অংশগ্ৰহণ কৰাটো বাধ্যতামূলক। প্ৰতিজনে ব্যক্তব্য দাঙি ধৰাৰ বাবে পাঁচ মিনিটকৈ সময় লাভ কৰিব। অসমৰ বিশিষ্ট সাংবাদিক তথা একালৰ বিশিষ্ট তাৰ্কিক পৰাগ কুমাৰ দাসৰ সোঁৱৰণত ১৯৯৭চনৰ পৰা প্ৰতি বছৰে সদৌ অসম ভিত্তিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আহিছে।

প্ৰতিটো দলে সংশ্লিষ্ট মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ মুৰব্বী তথা তৰ্ক বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰবক্তা অধ্যাপকৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰমাণপত্ৰ আনিব লাগিব। প্ৰতিযোগিতাত প্রথম তিনিটা স্থানত দলগতভাৱে বিজয়ী মহাবিদ্যালয়, বিশ্ববিদ্যালয় কেইখন স্মাৰকসহ পৰাগ কুমাৰ দাস সোঁৱৰণী চলন্ত ট্ৰফী আৰু ব্যক্তিগতভাৱে প্ৰথণ তিনিটা স্থান দখল কৰা শ্ৰেষ্ঠ তাৰ্কিক তিনিজনে স্মাৰকসহ ক্ৰমে পোন্ধৰ হাজাৰ, ১০ হাজাৰ আৰু ৭ হাজাৰ নগদ ধন লাভ কৰিব।