/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/WhatsApp-Image-2022-05-17-at-12.56.20-PM.jpeg)
ডিজিটেল ডেস্কঃ ৰাজগড় পথত ১৯৯৬চনৰ ১৭মেৰ দিনা নৃশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল। অসম জাতীয় বিদ্যালয়ৰ তেতিয়াৰ স্থানত থকা ভৱনৰ পৰা নিজ পুত্ৰক হাতত ধৰি উলিয়াই অনাৰ অৱস্থাত অসংখ্য লোকৰ দৃষ্টি সন্মুখতে নৃশংসভাৱে প্ৰখ্যাত মানৱধিকাৰ কৰ্মী তথা সাংবাদিক অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক পৰাগ কুমাৰ দাসৰ এই হত্যাকাণ্ডই সমগ্ৰ বিশ্বতে জোকাৰঁণি তুলিছিল। কিন্তু দুভাগ্যৰ কথা যে, গণমুখী সাংবাদিকতাৰ আপোচহীন কাণ্ডাৰী অসমক স্বনিৰ্ভৰশীল আৰু সুস্থ জাতীয়তাবাদী চেতনা সমৃদ্ধ ঐক্যৱদ্ধ খিলঞ্জীয়া জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে খৰ্বিত মানৱধিকাৰ প্ৰতিবাদৰ বাবে ৰাজপথ আৰু কলমেৰে যুঁজ দিয়া এইগৰাকী প্ৰখ্যাত মানৱধিকাৰ কৰ্মীৰ হত্যাকাৰীৰ কোনো বিচাৰ নহ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/083a7355-f535-48de-8fa0-81f6187ba295-1024x473.jpg)
তেওঁক গুলীয়াই হত্যা কৰা স্থানত যি স্মাৰক ক্ষেত্ৰ চৰকাৰী আৱন্টিত ভূমিত নিৰ্মাণ কৰা হৈছিল, ২৫টা বছৰৰ পিছত তাৰ অস্তিত্বও বিপন্ন হৈ পৰিছিল। কিন্তু সাংবাদিক শ্বহীদগৰাকীৰ পৰিয়াল, মুষ্টিমেয় সংবাদিক সতীৰ্থ আৰু যুৱ প্ৰজন্মৰ একাংশ লোকৰ প্ৰচেষ্টাত ৰাস্তা বহলোৱাৰ নামত পৰাগ কুমাৰ দাসৰ স্মাৰক ক্ষেত্ৰ তথা স্মাৰক মূৰ্তি উঠাই পেলোৱাৰ ষড়যন্ত্ৰ ব্যৰ্থ হ'ল। সকলোৰে দাবীত বাধ্য হৈ জনস্বাৰ্থত ৰাস্তা বহলোৱাৰ কাম পৰিয়ালৰ সন্মতি সাপেক্ষে আগবঢ়াই নিয়াৰ সমান্তৰালভাৱে পূৰ্বৰ স্থানতকৈ কিছু পিছুৱাই স্মাৰক ক্ষেত্ৰৰ পুণঃনিৰ্মাণ কৰা হ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/10697a8c-6c9f-48e4-9f9a-cddd7338be65-1024x661.jpg)
সেই স্থানত অসমীয়াতে কথা-বতৰা শিৰোনামৰ হোৱাটছ এপ গ্ৰুপটোৱে নিৰ্মাণ কৰা পৰাগ দাসৰ আৱক্ষ মূৰ্তি নতুন স্থানলৈ নিয়াৰ পিছত সেয়া নতুনকৈ ৰং দি সজাই তোৱাৰ ক্ষেত্ৰত গ্ৰুপটোৱে ১৬মে ২০২২ নিশা পৰ্যন্ত গড়কাপ্তানি বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ সৈতে থাকি এটা পৰ্যায়লৈকে ইয়াৰ সম্পূৰ্ণ কৰি তোলাত সহযোগিতা আগবঢ়ালে। যাৰ বাবে পূৰ্বৰ দৰেই মানৱধিকাৰ সংগ্ৰাম সমিতিৰ আহ্বান ক্ৰমে সেই স্থানত অনুষ্ঠিত স্মৰণস্থলীত নৱনিৰ্মিত স্মাৰক ক্ষেত্ৰত আজি অনুষ্ঠিত ২৬সংখ্যক স্মৃতিচাৰণ অনুষ্ঠান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/8b94fc93-5d1f-40ef-a8cd-10ec49a90f0a-1024x473.jpg)
বন্তি প্ৰজ্বলনেৰে পৰাগ দাসৰ ২৬সংখ্যক স্মৰণ দিৱসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে পৰাগ কুমাৰ দাসৰ পত্নী পূৰবী দাসে। তেওঁৰ পিছত স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধা তৰ্পন কৰে ক্ৰমে- বিশিষ্ট আইনবিদ অৰূপ বৰবৰা, মাছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বৰ্তমানৰ সাংসদ অজিত কুমাৰ ভূঞা, প্ৰাক্তন সচিব লাচিত বৰদলৈ, একালৰ পৰাগ দাসৰ সতীৰ্থ তথা জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ, পৰাগ দাসৰ জ্যেষ্ঠ ভগ্নী ড০ জয়শ্ৰী বৰা, ভাতৃ ডাঃ জ্যোতি দাস, খিলঞ্জীয়া সুৰক্ষা মঞ্চৰ সচিব প্ৰধান অনুপ চেতিয়া, বৰ্তমানৰ মাছৰ অধ্যক্ষ আদিত্য লহকৰ, ভাৰপ্ৰাপ্ত সচিব লক্ষী ডেকা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তকে ধৰি বিভিন্ন জ্যেষ্ঠ আৰু নতুন প্ৰজন্মৰ যুৱক-যুৱতী।
স্মৃতি তৰ্পনৰ পিছতে আদিত্য লহকৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত ভাষণ প্ৰদান কৰে শান্তুনু বৰঠাকুৰ, মনোৰম গগৈ, অজিত কুমাৰ ভূঞা, অৰূপ বৰবৰা, পূৰবী দাস, অনুপ চেতিয়া আদিয়ে। পুৱা ৯.৩০বজাত অনুষ্ঠিত হোৱা ৰাজগড়ৰ এই অনুষ্ঠানৰ পাছতে অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত সাংবাদিক-সংবাদকৰ্মী সকলে পূৰ্বৰ কাৰ্যবাহী সম্পাদক তথা শ্বহীদ সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে। আনহাতে পুৱা ১১বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট শিক্ষাবিদ, লেখক উদয়াদিত্য ভৰালীৰ সঞ্চালনাত অনুষ্ঠিত হয় পৰাগ কুমাৰ দাস বটাঁ প্ৰদান অনুষ্ঠান।
এইবাৰ উক্ত বটাঁ প্ৰদান কৰা হৈছে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক। তদুপৰি উক্ত সভাতে, বিগত ২৫বছৰে অনুষ্ঠিত হোৱা সদৌ অসম পৰাগ দাস সোৱৰণি প্ৰতিযোগিতাৰ বিষয়সমূহ আৰু এইক্ষেত্ৰত নিৰ্বাচিত প্ৰতিযোগীৰ বক্তব্য সম্পাদনা কৰা কৰি প্ৰকাশ কৰা ৫০০পৃষ্ঠাৰ এখন গ্ৰন্থও প্ৰকাশ কৰা হয়।
আৰু পঢ়ক: চৰাইদেউৰ কুৱঁৰীবাৰী চাহ বাগিচাৰ প্ৰায় অৰ্দ্ধ শতাধিক পৰিয়াল বানপানীৰ কবলত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us