দৰিদ্ৰতাৰ সৈতে যুঁজ দৌলাশালৰ অন্ধ শিল্পী পংকজৰ,পথত কচু-ঢেকীয়া বিক্ৰী কৰি অব্যাহত ৰাখিছে সংগীতৰ যাত্ৰা

দৰিদ্ৰতাৰ সৈতে যুঁজ দৌলাশালৰ অন্ধ শিল্পী পংকজৰ,পথত কচু-ঢেকীয়া বিক্ৰী কৰি অব্যাহত ৰাখিছে সংগীতৰ যাত্ৰা

author-image
asomiyapratidin
New Update
দৰিদ্ৰতাৰ সৈতে যুঁজ দৌলাশালৰ অন্ধ শিল্পী পংকজৰ,পথত কচু-ঢেকীয়া বিক্ৰী কৰি অব্যাহত ৰাখিছে   সংগীতৰ যাত্ৰা

ডিজিটেল সংবাদ,চেঙা : মহামাৰী কোৰোনা সংক্ৰমণৰ প্ৰতিৰোধ কল্পে ধাৰাবাহিকভাৱে হোৱা লকডাউনৰ ফলত সৰ্বসাধাৰণ লোকৰ লগতে শিল্পী ,কলা- কুশলীৰ জীৱন-জীৱিকালৈও আহিছে তীব্ৰ ভাবুকি ।সলনি কৰিবলৈ বাধ্য হৈছে নিজৰ নিজৰ বৃত্তি । একাংশ শিল্পীয়ে আকৌ নিজৰ ঘৰতে বহি দৰিদ্ৰতাৰ লগত সহবাস কৰিবলগীয়া হৈছে । তেনে এজন দৰিদ্ৰ আৰু দুৰ্ভগীয়া প্ৰতিবন্ধী শিল্পী হ'ল নলবাৰী জিলাৰ দৌলাশালৰ পংকজ নাথ ওৰফে অনুৰাগ । দৰিদ্ৰতা নাইবা প্ৰতিবন্ধকতা যে সফলতাৰ বাটত হেঙাৰ হ'ব নোৱাৰে সেই কথা যুগে যুগে বিভিন্ন ক্ষেত্ৰত প্ৰমাণ হৈ আহিছে ।মনোবল থাকিলে শাৰীৰিক ব্যাধি বা প্ৰতিবন্ধকতাই কেতিয়াও সফলতাৰ অন্তৰাই নহয় বুলি নিজে দাবী কৰা তেনে এটি প্ৰতিভা হ'ল দৌলাশালৰ এই পংকজ নাথ ।

Advertisment

নিজৰ কণ্ঠৰ যাদুৰে ৰাইজৰ মন মুগ্ধ কৰিবলৈ সক্ষম হোৱা অতি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা পংকজে জন্মৰ কিছু বছৰ পিছতে চকুৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অন্ধত্ব জীৱনক সাবটি ল'বলগীয়া হৈছিল । দৌলাশালৰ আনন্দৰাম নাথৰ পুত্ৰ পংকজে এই প্ৰতিবন্ধতাকো নেওচি অব্যাহত ৰাখিছে সংগীতৰ যাত্ৰা । দিন হাজিৰা নাইবা আলু-কচু বেচি দুবেলা দুমুঠি যোগাৰ কৰা পিতৃৰ উৰুখাঁ পজাতেই সংগীতৰ সাধক পংকজে কৰে সংগীতৰ আখৰা । অৰ্থনৈতিক অভাৱে কোঙা কৰা দুৰ্ভগীয়া পৰিয়ালটোৰ একমাত্ৰ ছোৱালী জনীও জন্মৰ পৰাই অচিন ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে । দুৰ্ভাগ্য , দৰিদ্ৰতা কিম্বা প্ৰতিবন্ধকতাইও বাধা দি ৰাখিব পৰা নাই পংকজৰ দুৰ্বাৰ হেঁপাহক ।

গভীৰ আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয়েৰেই যোৱা বছৰত এইগৰাকী অন্ধশিল্পীয়ে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে জন্ম দিছিল 'অংকুৰ গোষ্ঠী' নামৰ এটি প্ৰতিবন্ধি মিউজিকেল গ্ৰুপ । ইতিমধ্যে অংকুৰ গোষ্ঠীয়ে অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি সমাদৃতও হৈ পৰিছিল । কিন্তু বিশ্ব তথা দেশ আৰু ৰাজ্যত দেখা দিয়া ক'ৰোনা মহামাৰী সৃষ্ট পৰিৱেশৰ বাবেই ঘৰতে বহি দৰিদ্ৰতাৰ সৈতে যুঁজিবলগীয়া হৈছে পংকজে । পদপথত পিতৃৰ হাতত ধৰি কচু ,ঢেকীয়া, ভেদাইলতা, মানধনীয়া আদি বিক্ৰী কৰি জীৱনৰ বৃত্তিও সলাবলগীয়া হৈছে এইগৰাকী অন্ধ যুৱকে । অৱশ্যে তাৰ মাজতে ছ'চিয়েল মিডিয়া যোগেদিয়েই অব্যাহত ৰাখিছে সংগীত চৰ্চা । বিগত সময়ত কঠোৰ সংগ্ৰামৰ মাজেৰে পংকজে গীত পৰিবেশন কৰিছিল ইখন মঞ্চৰ পৰা সিখন মঞ্চলৈ ।দুখৰ মাজতো সুখৰ সংজ্ঞা বিচাৰি পোৱা পংকজে 'নিউজ লাইভ' চেনেলৰ দ্বাৰা সম্প্ৰাচৰিত 'সুখৰ সংজ্ঞা বিচাৰি' অনুষ্ঠানৰ লগতে দূৰদৰ্শনৰ কেইবাটাও চেনেলত গীত পৰিবেশন কৰি ৰাইজৰ মন মুগ্ধ কৰিবলৈও সক্ষম হৈছিল ।

উল্লেখ্য যে অকল ৰেডিঅ'ত শুনিয়েই সংগীতৰ কৌশল আয়ত্ব কৰা বিশেষভাৱে সক্ষম পংকজে সম্প্ৰতি নিজেই গীত লিখা আৰু সুৰ কৰা আৰম্ভ কৰিছে । তবলা আৰু পিয়ানতো বিচক্ষণ এইগৰাকী শিল্পীয়ে সুযোগ পালেই বিচাৰি ফুৰে গীত পৰিবেশনৰ স্থলী ।ক'ৰোনা মহামাৰী সৃষ্ট পৰিৱেশে জনসাধাৰণৰ লগতে এইসকল দুৰ্ভগীয়া শিল্পীৰ জীৱনলৈও আনিছে চৰম দুৰ্যোগ । পিছে কোনো ধৰণৰ চৰকাৰী বা সাংগঠনিক সা-সুবিধা লাভ নকৰা এই গৰাকী অতি গৰীৱ পৰিয়ালৰ শিল্পীক তেওঁৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সহায় কৰিবনে ৰজাঘৰীয়া কিম্বা জনপ্ৰতিনিধিয়ে ! প্ৰতিবন্ধী ভগ্নী , অসহয় পিতৃ-মাতৃ আৰু ভাতৃৰে উৰুখাঁ চালিৰ তলত বাস কৰা পংকজৰ এই দুৰ্বাৰ আকাংক্ষাই গধুৰ বোজা হৈ দেখা দিছে শিল্পীগৰাকীৰ জীৱনত । তেওঁৰ এতিয়া এটাই মাত্ৰ আশা বিধ্বংসী ক'ৰোনা কালৰ অন্ত পৰিলেই দুগুণ উচাহেৰে নামি পৰিব শিল্পসাধনাত । এনে ক্ষেত্ৰত চৰকাৰ বা কোনো সংগঠনৰ কৃপাদৃষ্টি কামনা কৰিছে গৰীব পৰিয়ালটোৱে ।