পঞ্চায়ত নিৰ্বাচনে কি বাৰ্তা দিলে…

পঞ্চায়ত নিৰ্বাচনে কি বাৰ্তা দিলে…

author-image
asomiyapratidin
New Update
পঞ্চায়ত নিৰ্বাচনে কি বাৰ্তা দিলে…

? ডি জে ধনন্তৰি

Advertisment

পঞ্চায়ত নিৰ্বাচনত স্বাভাৱিকতে শাসকীয় দলেই শেষ হাঁহি মাৰিবলৈ সমৰ্থ হয়। ব্যতিক্ৰম নহ'ল এইবাৰো। পিছে যিধৰণে শাসকীয় পক্ষই ক্লীন শ্বুইপ কৰিব বুলি ধাৰণা কৰিছিল সেয়া ভুল প্ৰমাণিত হ'ল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিৰ অধিকাংশ নেতাই ভাষণত দাবী কৰিছিল যে পঞ্চায়ত নিৰ্বাচনত বিৰোধীৰ কোনো চিন-মোকামেই নাথাকিব। কিন্তু শেষ মুহূৰ্তত তেনে দাবীক অসাৰ প্ৰতিপন্ন কৰি কংগ্ৰেছ দলে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াই দ্বিতীয় স্থান দখল কৰিবলৈ সমৰ্থ হৈছে।

শাসকীয় দলৰ এনে দাবীৰ বিপৰীতে বিৰোধী কংগ্ৰেছেও সদম্ভে ঘোষণা কৰিছিল যে এইবাৰৰ নিৰ্বাচনত ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়ককে আদি কৰি কেবাটাও গুৰুত্বপূৰ্ণ ইছ্যুৰ বাবে বিজেপিক বৰ্জন কৰিব। কংগ্ৰেছৰ এই দাবীও ভুল প্ৰমাণিত হ'ল। আনকি যিবোৰ ঠাই এসময়ত কংগ্ৰেছৰ বাবে অভেদ্য দুৰ্গস্বৰূপ আছিল সেইবোৰ স্থানত এতিয়া দলটোৰ ভেটি হেৰুওৱাৰ উপক্ৰম ঘটিছে।

বিজেপি-কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ সভাত নিজৰ শক্তিক লৈ একাধিক দাবী কৰি অহাৰ সময়তে অধিক আশাবাদী হৈ পৰিছিল আঞ্চলিক দল অগপ। বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মিত্ৰ দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপনৰে ৰাজ্যবাসীৰ আস্থাভাজন হ'ব বুলি একপ্ৰকাৰ নিশ্চিত হৈ আছিল। সেয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ দিনটোলৈকে ৰাজ্যবাসীক দোমোজাত ৰাখি শেষ মুহূৰ্তত অকলশৰীয়াকৈ প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছিল অগপই।

দুটাকৈ পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়লৈকে সৰ্বানন্দ সোণোৱাল চৰকাৰত থকা অগপৰ ৩ কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে এনে ভাৱত বিভোৰ হৈ পৰিছিল যে এইবাৰ অসমত আঞ্চলিকতাবাদৰ উত্থান ঘটিবই। অৱশেষত ফলাফল ঘোষণাৰ দিনটোত অগপৰ সকলো আশা ধূলিস্যাৎ হৈ পৰিল। বিগত পঞ্চায়ত নিৰ্বাচনত দ্বিতীয় স্থান দখল কৰা অগপই এইবাৰ অৱনমিত হয় তৃতীয় স্থানলৈকে। আচৰিত ধৰণে চৰকাৰৰ অংশীদাৰ দলটোৱে এআইইউডিএফতকৈয়ো পিছপৰাহে পৰিলক্ষিত হৈছে।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত পৰিস্ফুট হোৱা কেবাটাও দৃশ্যই ৰাজনৈতিক বিশ্লেষকসকলকো বিমোৰত পেলোৱা দেখা গৈছে। এনে এক দৃশ্য হৈছে ৰাজ্যৰ ৰাজনীতিত প্ৰভাৱশালী কেবাগৰাকী নেতা তথা মন্ত্ৰী-বিধায়কৰ সমষ্টিত জিলা পৰিষদ তথা আঞ্চলিক পঞ্চায়তত উত্থান ঘটিছে আন দলৰ প্ৰাৰ্থীৰ। নিজ সমষ্টিত দিনে-নিশাই প্ৰচাৰ চলায়ো উন্নত প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হোৱা এনে এগৰাকী নেতা হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ৰাজ্যিক সভাপতিগৰাকীৰ সমষ্টি সৰভোগত বিজেপি দলে অধিক সংখ্যক পঞ্চায়তত জয়ী হ'লেও সকলোকে হতভম্ব কৰি তাত উত্থান ঘটিছে কংগ্ৰেছ আৰু এআইইউডিএফৰ।

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীতো কেবাখনো পঞ্চায়তত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিবলৈ সমৰ্থ হৈছে কংগ্ৰেছ দল। বিধানসভা নিৰ্বাচনত বিজেপি দলৰ হৈ বৃহৎ ব্যৱাধানত জয়ী হৈছিল হিমন্ত বিশ্ব শৰ্মা। তৎসত্বেও পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে সমষ্টিটোৰ কেবাখনো পঞ্চায়তত জয়ৰ মুখ দেখিবলৈ পোৱাটোৱেও মন্ত্ৰীগৰাকীক স্বাভাৱিকতে চিন্তিত কৰি তুলিছে।

নিজ সমষ্টিত নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰোৱাত দুখলগাকৈ ব্যৰ্থ হোৱা আন ৩গৰাকী নেতা হৈছে অগপৰ প্ৰফুল্ল কুমাৰ মহন্ত, অতুল বৰা আৰু কেশৱ মহন্ত। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বঢ়মপুৰত সকলোৰে চকুৰ সমুখতে কেবাখনো পঞ্চায়ত দখল কৰিছে কংগ্ৰেছে। একেদৰে অতুল বৰা আৰু কেশৱ মহন্তৰ সমষ্টি ক্ৰমে বোকাখাত আৰু কলিয়াবৰত উত্থান ঘটিছে বিজেপিৰ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনেও সমষ্টিত নিজ দলৰ প্ৰাৰ্থীক পঞ্চায়ত নিৰ্বাচনত জয়ী কৰাবলৈ সক্ষম হোৱা নাই। তিনিওজন কংগ্ৰেছী নেতাৰ গৃহ সমষ্টিত অধিকাংশ পঞ্চায়ততে জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী। মাৰ্ঘেৰিটা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ বিগত বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছিল যদিও চামগুৰি সমষ্টিৰ পৰা বিজেপিৰ ঢৌ সত্বেও জয়ী হৈছিল ৰকিবুল। পিছে বুধবাৰে ঘোষিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে মোক্ষম আঘাত হানে ৰকিবুলৰ দুৰ্গ চামগুৰিত।

এনেদৰেই একাধিক খাম-খেয়ালিৰ মাজত অনুষ্ঠিত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত দেখা গৈছে এক মিশ্ৰিত ফলাফল। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সম্পূৰ্ণ ফলাফল ঘোষিত নহওতেই সংবাদ মাধ্যমৰ আগত সন্তুষ্টি ব্যক্ত কৰিলেও প্ৰকৃতাৰ্থত কিন্তু এই ফলাফলে ৰাজ্যখনৰ শাসক-বিৰোধী সকলোকে ভিতৰি ভিতৰি শংকিত কৰি তুলিছে। আনহাতে এই ফলাফললৈ চাই সমাগত লোকসভা নিৰ্বাচনক লৈ আগতীয়াকৈ অনুমান কৰাটোও যথেষ্ট জটিল হৈ পৰিছে।

ইফালে এইবাৰৰ ফলাফল ঘোষণাৰ প্ৰক্ৰিয়াক লৈও অসন্তুষ্টি ব্যক্ত কৰিছে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থী তথা সাধাৰণ ৰাইজে। পুৱা ৮ বজাৰ পৰা ফলাফল ঘোষণা কৰাৰ কথা আছিল যদিও বহু ভোটগণনা কেন্দ্ৰত দিনৰ ১২ বজা পৰ্যন্ত গণনা আৰম্ভ নোহোৱাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰো উদ্ভৱ হয়। গণনা পৰ্বক লৈ সংশ্লিষ্ট পক্ষই গা এৰা দিয়া মনোভাৱ পোষণ কৰা বাবেই অধিকাংশ কেন্দ্ৰতে ভোটগণনা বৃহস্পতিবাৰে দুপৰীয়া পৰ্যন্ত চলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ শাসকীয় পক্ষই বুধবাৰৰ দিনটোলৈকে অধীৰ আগ্ৰহেৰে বাট চাইছিল। পিছে মঙলবাৰে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দলটোৰ শোচনীয় প্ৰদৰ্শনে আজিৰ বিজয়ৰ আনন্দ প্ৰকাশত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে হিন্দী বলয়ৰ ৩ ৰাজ্য ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ স্পষ্ট প্ৰভাৱ দেখা যায় লোকসভা নিৰ্বাচনত। সেয়ে ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক ৰাজনৈতিক বিশ্লেষকসকলে ছেমি ফাইনেলো আখ্যা দিছে। এই ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পৰিপ্ৰেক্ষিততে পঞ্চায়ত নিৰ্বাচনত অধিকাংশ আসনতে জয়ী হোৱা সত্বেও আগৰ দৰেকৈ মুকলি মনেৰে বিজয়োৎসৱত মতলীয়া হ'ব পৰা নাই ৰাজ্যিক বিজেপিৰ নেতৃত্ব তথা কৰ্ম-কৰ্তাসকল।