৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ পালনাম

৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ পালনাম

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা সকামী সেৱা হৈছে পালনাম। ৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ পালনাম সেৱা বুধবাৰৰ নিশাৰ পৰা অনুষ্ঠিত হৈছে।

১৬৫৬ খৃষ্টাব্দত আই কনকলতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা শলগুৰি সত্রই নিৰবিচ্ছিন্ন ভাৱে (প্ৰতি বছৰে) ফল্গু পূৰ্ণিমাৰ পাছৰ একাদশী তিথিৰ পৰা চতুৰ্দশী তিথিলৈকে নাম ৰখাৰ পাছত পূৰ্ণিমাৰ দিনা দুপৰীয়া পালনামৰ সামৰণি মাৰে। এইবেলিও একাদশী তিথিৰ পৰা নাম ৰখাৰ পাছত পালনাম উপলক্ষে আজি নিশা বটদ্ৰৱা থানৰ নামাচাৰ্য, পাঠক, গায়ন বায়ন, দুই সত্ৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত বটদ্ৰৱা শলগুৰি সত্ৰৰ ৰাইজৰ তৰফৰ পৰা পালনামৰ আহ্বান জনানো হয়।

লগে লগে কীৰ্ত্তনঘৰত ঘোষাপাঠ আৰু নামডকা কাৰ্যসূচী আৰম্ভ হয়। ইফালে কাইলৈ পূৰ্ণিমা উপলক্ষে দুপৰীয়া এই পালনামৰ সামৰণি পৰিব।

৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ পালনাম
সংগ্ৰাম আৰু শোষণ! মজুৰি নাপাই ১০০০ কি.মি. খোজকাঢ়ি ঘৰলৈ আহিল শ্ৰমিক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in