বালিপৰা-চাৰিদুৱাৰত আছুৱে উৎখাত কৰিলে চুলাইৰ ঘাটি, VIDEO

বালিপৰা-চাৰিদুৱাৰত আছুৱে উৎখাত কৰিলে চুলাইৰ ঘাটি, VIDEO

author-image
asomiyapratidin
New Update
বালিপৰা-চাৰিদুৱাৰত আছুৱে উৎখাত কৰিলে চুলাইৰ ঘাটি, VIDEO

ডিজিটেল সংবাদ, শোণিতপুৰঃ সমগ্ৰ ৰাজ্যজুৰি সুৰা বিৰোধী অভিযান চলি থকাৰ সময়তে বৃহস্পতিবাৰে শোণিতপুৰৰ বালিপৰাৰ বিভিন্ন অঞ্চলত আছুৱে সুৰাবিৰোধী অভিযান চলায়। জানিব পৰা মতে, বৃহস্পতিবাৰে চাৰিদুৱাৰৰ বুধবৰীয়া বজাৰ লাইন আৰু খনামুখৰ সমীপৰ ওঠৰ মাইলত সুৰাবিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰে।

Advertisment

দীৰ্ঘদিন ধৰি বালিপৰা, লোকৰা, চাৰিদুৱাৰ অঞ্চলত একংশ সমাজ বিৰোধী লোকে আৰক্ষী তথা আৱকাৰী বিভাগক মেনেজ কৰি মুকলিকৈয়ে চুলাই আৰু অৰুণাচলী মদৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈছে। বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই বালিপৰাৰ ৰে'লৱে ষ্টেচনৰ সমীপৰ মোলানপুখুৰী আৰু গড়মৰাত এনে অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা নষ্ট কৰে।