/asomiyapratidin/media/media_files/2025/01/25/bDa4Wywf358Ju4vy7lxv.png)
ডিজিটেল ডেস্কঃ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আজি ৰাষ্ট্ৰপতিয়ে দেশৰ চতুৰ্থস্থানৰ অসামৰিক সন্মান পদ্মশ্ৰী সন্মান ঘোষণা কৰিছে। দেশৰ বিভিন্ন ৰাজ্যৰ বহু কেইগাৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অসমৰ মুঠ চাৰিজনলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
সাহিত্য, শিক্ষা আদি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অনিল কুমাৰ বড়ো, গীতা উপাধ্যায়ৰ লগতে লোক শিল্পী ৰেৱকান্ত মহন্ত, জয়নাচৰন বাথাৰীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
ৰেৱকান্ত মহন্তই অংকীয়া নাট আৰু মুখা শিল্পৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান লাভ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০১৪ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০১৯ চনত অসম চৰকাৰে বিষ্ণু ৰাভা বঁটা প্ৰদান কৰিছিল।
এজন দক্ষ মুখাশিল্পী হিচাপে তেওঁ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিছে। কলকাতা, নতুন দিল্লী, ত্ৰিবান্দ্ৰম আদি বিভিন্ন স্থানত তেওঁ মুখাশিল্পৰ কৰ্মশালা আৰু প্ৰদৰ্শনীত মুখ্য প্ৰশিক্ষক আৰু সমল ব্যক্তিৰূপেও অংশ গ্ৰহণ কৰিছে।
তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ বাবে ৭০খন মুখা দান কৰাৰ উপৰি শিল্পী মহন্তই নিৰ্মাণ কৰা এখন নৰসিংহৰ বৰমুখা তেজপুৰ বিশ্ববিদ্যালয়ত, ৭০খন মুখা ইণ্ডিয়ান মিউজিয়াম অব কলকাতাত, পাঁচখন মুখা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত, সাতখন মুখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন নেশ্যনেল মিউজিয়ামত, দুখন মুখা অষ্ট্ৰেলিয়াৰ সংগ্ৰহালয়ত আৰু পাঁচখন মুখা ৰাছিয়া, জাপানৰ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ বাবে ৰখা হৈছে।
পদ্মশ্ৰী সন্মান লাভ কৰা বিশিষ্ট লোকশিল্পী জয়নাচৰন বাথাৰীয়ে যোৱা ছটা দশক ধৰি ডিমাছা লোক সংগীতৰ চৰ্চা কৰি থকাৰ লগতে ইয়াৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ কাম কৰি আহিছে। ডিমাছা লোকসংগীতত ব্যৱহাৰ কৰা বাদ্যসমূহো তেওঁ সংৰক্ষণ কৰিছে।
৮৪ বছৰীয়া লোকশিল্পৰ সাধকগৰাকীয়ে ডিমাছা লোকবাদ্য খ্ৰাম (ড্ৰাম) আৰু মুৰী (বাঁহী)ৰ চৰ্চা কৰাৰ লগতে ডিমাছা নৃত্য বাইডিমা, যাওবানী, যাওপিনবানীলৈয়ো নতুনত্ব আনিছে।
ডিমাছা সংস্কৃতিৰ সাধনা কৰা এইগৰাকী শিল্পীয়ে ডিমাছা লোক কাহিনীকো লিপিবদ্ধ কৰিছে। তেওঁ লিখি উলাইছে The Monkey and the Tortoise আৰু Tale of an elderly Dimasa couple শীৰ্ষক লোক কাহিনীৰ গ্ৰন্থ।
অসমৰ এই চাৰিগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে চুবুৰীয়া ত্ৰিপুৰাৰ অৰুণোদয় ছাহ,মেঘালয়ৰ ডেভিড আৰ শ্বিয়েমলিহ, অৰুণাচলৰ জুমডে য়ুমগাম গামলিন, নাগালেণ্ডৰ এল হাংথিং, ছিকিমৰ নৰেন গুৰুং, মিজোৰামৰ ৰেন্থলেই লালৰাওনা, মণিপুৰৰ থিয়াম সূৰ্যমুখী দেৱীলৈৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।