/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/borkotoky-27.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱী পদ্ম বৰকটকীৰ ওপজা দিনৰ লগত সংগতি ৰাখি অহা ৩০ জুলাই শনিবাৰে বিয়লি ৩ বজাত গুৱাহাটী প্ৰেছ ক্লাবত এখন গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজিক একত্ৰিত কৰি সংগঠিত ৰূপত খণ্ড খণ্ড হিচাপে পুনৰ মুদ্ৰণৰ ব্যৱস্থা কৰা হৈছে।
উক্ত দিনাৰ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাৰ সম্পাদনাত যন্ত্ৰস্থ ৰচনাৱলীৰ প্ৰথম খণ্ড 'সোঁতৰ বিপৰীতে' উন্মোচন কৰা হ'ব। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে থাকিব জ্যেষ্ঠ সাংবাদিক দিলীপ চন্দন। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাহিত্যিক ভৱানীপ্রসাদ অধিকাৰী, প্ৰবীণ অভিনেতা দীনেশ দাস, অভিনেতা ৰবি শৰ্মা, 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, সাহিত্যিক তথা জ্যেষ্ঠ আৰক্ষী বিষয়া ড° নন্দ সিং বৰকলা।
প্ৰতিথযশা সাহিত্যিকগৰাকীৰ ওপজা দিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত উদ্যোক্তাসকলে সমূহ গ্রন্থপ্রেমী, সাংবাদিক, সাহিত্যিকৰ উপস্থিত কামনা কৰিছে উদ্যোক্তাসকলে।