/asomiyapratidin/media/media_files/2025/09/19/pabitra-19-2025-09-19-21-08-40.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰ নে দেওবাৰে অসম পাবহি প্ৰিয় শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ? এই প্ৰশ্নক লৈ কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে যদিও সেই বিভ্ৰান্তি দূৰ কৰিছে কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। অসমীয়া প্ৰতিদিনৰ আগত তেওঁ এই সন্দৰ্ভত কয়, শনিবাৰে দিনৰ ভাগতহে সকলো কথা স্পষ্ট হ'ব।
তেওঁ কয়,ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে প্ৰয়াত শিল্পীগৰাকীৰ চিকিৎসা প্ৰদানৰ পৰা আৰম্ভ কৰি মৰণোত্তৰ সকলো বিষয়তে সকলোখিনি কামত আগভাগ লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আমিও উচ্চায়ুক্তৰ সৈতে প্ৰত্যক্ষ যোগাযোগত আছো। যিহেতু ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ সেয়ে তেওঁলোকৰ নীতি-নিয়মখিনি তেওঁলোকৰ ফালৰ পৰা কৰিব। সেই কামখিনি যিমান সোনকালে পাৰি কৰিবলৈ ভাৰতীয় উচ্চায়ুক্ত আৰু ভাৰত চৰকাৰে চেষ্টা কৰি আছে।
তেওঁ আৰু কয়, সেই প্ৰক্ৰিয়া অন্ত পৰিলেই আমি তাৎক্ষণিকভাৱে তেওঁৰ নশ্বৰদেহ লৈ আনিবলৈ চেষ্টা কৰিম। কিন্তু নশ্বৰ দেহ কেতিয়া অসমলৈ অনা হ'ব তাৰ সঠিক সময় ক'বলৈ অলপ অসুবিধা হৈছে। কিন্তু আমাৰ উচ্চায়ুক্তই যিমান পাৰি তাৎক্ষণিকভাৱে কামখিনি কৰিবলৈ চেষ্টা কৰি আছে। হয়তো কালিলৈ অথবা দেওবাৰে তেওঁৰ নশ্বৰ দেহ অসম আহি পাবহি।