/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/rima-baa-oscar.jpg)
ডিজিটেল ডেস্কঃ অস্কাৰলৈ বিদেশী শাখাৰ ছবিৰ বাচনিত ভাৰতীয় ছবি হিচাপে এণ্ট্ৰী লাভ কৰিছে 'ভিলেজ ৰকষ্টাৰ্ছে'। এই খবৰে এতিয়া ৰাজ্যবাসীক আনন্দিত কৰিছে। কিয়নো কোনেও কেতিয়াও ভবা নাছিল এখন অসমীয়া ছবিৰ নাম এনেদৰে অস্কাৰৰ সৈতে উচ্চাৰণ হ'ব। আৰু এই কামে সম্ভৱ কৰিলে ৰীমা দাসে। বলিউড তথা দেশৰ আন প্ৰতিষ্ঠিত পৰিচালকসকলক পিছ পেলাই ছয়গাঁৱৰ ৰীমাই সম্ভৱ কৰিলে এই সপোন।
১৯৮২চনত জন্ম হোৱা ৰীমা দাসে সমাজ বিজ্ঞানত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। তাৰপাছত পোনেৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা প্ৰথমখন ছবি নিৰ্মাণ কৰিছিল ২০০৯চনত। এই ছুটী ছবিখনৰ নাম আছিল 'প্ৰথা'। অভিনয়, লিখা, চিনেমাৰ পৰিচালনা, ভ্ৰমণ, ফটোগ্ৰাফী আদি প্ৰিয়াৰ হবী। তাৰপাছত ৰীমা দাসে নিৰ্মাণ কৰিছিল 'মেন উইথ বাইন'কুলাৰ', 'অন্তৰ্দৃষ্টি' আদি ছবি। প্ৰথমে অভিনয়ৰ বাবে মুম্বাইলৈ ঢাপলি মেলিছিল যদিও, অভিনয়ৰ সলনি ৰীমা দাসে ছবি পৰিচালনাত গুৰুত্ব দিয়ে।
ৰীমা দাসৰ শেহতীয়া ছবি 'ভিলেজ ৰকষ্টাৰ্ছে' দেশজুৰি স্বীকৃতি লাভ কৰাৰ লগতে কেবাখনো আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত অংশ লৈ প্ৰশংসা বুটলিছিল। মুম্বাইৰ বিখ্যাত 'পৃথ্বী' থিয়েটাৰত প্ৰেমচন্দ্ৰৰ (গডান) নাটকত অভিনয় কৰিছিল ৰীমাই। ৰীমাৰ প্ৰিয় ছবি 'আমেৰিকান হনী'। সত্যজিৎ ৰায়, ইংমা ৱাগমেন, ৱাংকাৰ ৱাই, মজিম মজিদি, এণ্ডৰিয়া আৰ্নল্ড, নাৱমী কাৱছি আদি ৰীমাৰ প্ৰিয় পৰিচালক।
ৰীমা দাসৰ প্ৰথমখন ছবিয়ে 'অন্তৰ্দৃষ্টি' প্ৰদৰ্শিত হৈছিল কেন্নেছ ফিলিম ফেষ্টিভেলত। ২০১৭চনত এইখন ছবি মুম্বাই ফিল্প ফেষ্টিভেলতো প্ৰদৰ্শিত হৈছিল। প্ৰতিখন ৰীমাৰ বিষয়বস্তু ভিন্ন। গাঁৱলীয়া জীৱনক সাৱলিলভাৱে ৰীমাই তুলি ধৰে ছবিৰ কাহিনীৰ জৰিয়তে। 'ভিলেজ ৰকষ্টাৰ্ছ' নামৰ ছবিখনৰ শ্বুটিঙত ৰীমাৰ সময় লাগিছিল ১৩০দিন। অথচ ছবিখনৰ চিত্ৰনাট্য লিখিবলৈ ৰীমাক প্ৰয়োজন হৈছিল ৩ বছৰ ৬ মাহ।
জাহ্নু বৰুৱাই 'হালধীয়া চৰায়ে বাওঁ ধান খায়' ছবিখনে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় ছবি পুৰস্কাৰ অৰ্জন কৰাৰ ২৯ বছৰ পাছত ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছে' ২০১৮ত এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ৰীমা দাসৰ শেহতীয়া অসমীয়া ছবি 'বুলবুল কেন ছিং'এ চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত মুক্তি পাইছিল।