/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c2c5a292-b79c-48f1-8612-7e51cebb76d7/tea.jpg)
ডিজিটেল সংবাদ, যোৰহাট : জৈৱিক চাহৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাই অহাৰ সময়তে মাইক্ৰ' প্লাষ্টিক মুক্ত চাহৰ বেগ উদ্ভাৱন কৰি ইয়াৰ জৰিয়তে অসমৰ চাহক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নতুন ৰূপত উপস্থাপন কৰাৰ বাবে আগবাঢ়িছে এজন অসমীয়া। যথোচিত চাহিদা থকাৰ পাছতো যিকোনো জৈৱিক টি বেগতে উপলব্ধ হোৱা মাইক্ৰ প্লাষ্টিক আৰু নেন প্লাষ্টিকে মানৱ শৰীৰৰ ক্ষতি কৰিব পৰা সম্ভাৱনীয়তাৰ বাবে জৈৱিক চাহৰ প্ৰসাৰ আৰু বিপননৰ দিশত বহু সময়ত অসুবিধাৰ সৃষ্টি হৈ আহিছে ।
এনে সময়তে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি প্ৰযুক্তি উস্মায়ক কেন্দ্ৰ ( নীতি হাব)ৰ ষ্টাৰ্ট আপ "এছাহ টি"য়ে সম্পূৰ্ণ জৈৱিক টি বেগৰ জৰিয়তে এই দিশত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া যুৱ উদ্যাগী বিজিত শৰ্মাই প্ৰতিষ্ঠা কৰা "এছাহ টি" ৰ এই টি বেগ কালি সামৰণি পৰা আবুধাবিৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য প্ৰদৰ্শনীত মুকলি কৰা হয়।উল্লেখ্য যে এই টি বেগ বিশ্বৰ প্ৰথমটো নাইট্ৰজেন ফ্লাছ কৰা জৈৱিকভাৱে প্ৰমাণিত কপাহী চাহৰ বেগ । লগতে এই আন্তঃৰাষ্ট্ৰীয় খাদ্য প্ৰদৰ্শনীতে চাহ বেগৰ উপৰিও এই ষ্টাৰ্ট আপে মুকলি কৰিছে বিভিন্ন চাহৰ জাত ৷ বিশেষকৈ চাহৰ দ্ৰুত চাহিদা আৰু জনপ্ৰিয়তাৰ বাবে বজাৰ দখলৰ প্ৰতিযোগিতাত কোম্পানীসমূহে চাহ বেগৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে নাইলন বা পলিমাৰ ভিত্তিক সামগ্ৰী বেছিভাগ ব্ৰেণ্ডে ব্যৱহাৰ কৰাটো অধিক বৃদ্ধি পাইছে।
যিটো টি বেগ গৰম পানীত ডুবাই দিলে স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷ ইয়াৰ বিপৰীতে এছাহ টিৰ এই জৈৱিক টি বেগ হব সম্পূৰ্ণ নিৰাপদ । তাৰোপৰি জৈৱিক আৰু হাতেৰে নিৰ্মিত চাহৰ জৰিয়তে বিশ্বৰ বজাৰত অসমৰ চাহক নতুন মাত্ৰা দিবলৈ আগবঢ়া এছাহ টিৰ এই টি বেগে জৈৱিক চাহৰ বিশ্বৰ বজাৰত সুকীয়া স্থান দখল কৰিব বুলি আশা কৰা হৈছে। সমান্তৰালভাৱে জৈৱিকভাবে উৎপাদিত বিশেষ চাহ সম্পূৰ্ণৰূপে ৰাসায়নিক মুক্ত আৰু প্ৰাকৃতিক সুগন্ধিৰ সৈতে পান কৰাটো স্বাস্থ্যকৰ ৷
চাহ বিপণনৰ পৰম্পৰাগত পদ্ধতি গ্ৰাহকৰ ওচৰলৈ যাবলৈ গড়ে ৬-১২ মাহ সময়ৰ প্ৰয়োজন হোৱাৰ বিপৰীতে এছাহ টিয়ে ভেকুৱাম ছিলিং , ফ্ৰীজ ড্ৰাইড প্ৰযুক্তি আৰু নাইট্ৰজেন ফ্লাছিঙৰ দৰে শেহতীয়া পেকেজিং প্ৰযুক্তি ব্যৱহাৰ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো এসপ্তাহলৈ হ্ৰাস কৰিছে ৷ ইয়াৰ জৰিয়তে ই দীৰ্ঘদিন ধৰি চাহৰ সতেজতা আৰু গুণাগুণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷
অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি প্ৰযুক্তি উস্মায়ক কেন্দ্ৰ ( নীতি হাব) ৰ প্ৰথম গোটত ইনকিউবেট কৰা এছাহ টিয়ে বিশ্ববিদ্যালয়ৰ কৃষি প্ৰযুক্তি উস্মায়ক কেন্দ্ৰ ( নীতি হাব)ৰ পৰা উৎপাদন, কাৰিকৰী আৰু বিপনন কেউটা দিশতে শেহতীয়া প্ৰযুক্তিগত প্ৰশিক্ষণ লাভ কৰাৰ উপৰিও ভাৰত চৰকাৰৰ " আৰ কে ভি ৱাই- ৰাফটাৰ " আঁচনিৰ অধীনত ২০ লাখ টকাৰ অনুদান পুঁজি লাভ কৰিছে।
ইয়াৰ জৰিয়তে ব্যৱসায়িক সম্প্ৰদায়ৰ দিশত অধিক গতি লাভ কৰা অসমীয়া যুৱ উদ্যাগীৰ এই সফলতাই জৈৱিক চাহৰ দিশত অসমৰ উদ্যোগীৰ সফলতাৰ ধাৰা অধিক আগুৱাই নিব বুলি আশা কৰা হৈছে । বিশ্বমানৰ উদ্যোগী গঢ়া কৃষি প্ৰযুক্তি উস্মায়ক কেন্দ্ৰই ২০১৯ চনত আৰম্ভ হোৱাৰ পৰাই উত্তৰ-পূব অঞ্চলৰ কৃষি আৰম্ভণি পৰিৱেশ তন্ত্ৰক সহায় কৰি নতুন উদ্যাগী তৈয়াৰ কৰাৰ প্ৰচেষ্টা চলাই আহিছে ৷
আৰু পঢ়ক : ছাম্বাৰ তালে তালে নাচিবলৈ সাজু ব্ৰাজিল...