চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ বিদ্যুৎ কৰ্মীৰ

কলম আৰু সঁজুলি বন্ধ কৰি কৰ্মবিৰতি পালনেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে মাজবাট বিদ্যুৎ উপ সংমণ্ডল কপাই বিদ্যুৎকৰ্মীসকলে।
চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ বিদ্যুৎ কৰ্মীৰ

ডিজিটেল সংবাদ, ওৰাংঃ চাকৰি নিয়মীয়াকৰণৰ দাবীত পুনৰ আন্দোলনত নামিল বিদ্যুৎ কৰ্মী। কলম আৰু সঁজুলি বন্ধ কৰি কৰ্মবিৰতি পালনেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে মাজবাট বিদ্যুৎ উপ সংমণ্ডল কপাই বিদ্যুৎকৰ্মীসকলে।

আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়নৰ নেতৃত্বত এই প্ৰতিবাদ সাৱ্যস্ত হয়। চাকৰি নিয়মীয়াকৰণৰ দাবীত মঙলবাৰে এইদৰেই "কলম আৰু সঁজুলি বৰ্জন" শীৰ্ষক ২৪ ঘণ্টীয়া কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰে মাজবাটৰ বিদ্যুৎকৰ্মী সকলে।

ৰাজ্যখনত বিদ্যুৎ বিভাগৰ বিভিন্ন পদত পাঁচ সহস্ৰাধিক অস্থায়ী কৰ্মচাৰী নিয়োজিত হৈ আছে । কিন্তু বৰ্তমানলৈকে চৰকাৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰাত ক্ষোভিত হৈ এই অস্থায়ী কৰ্মচাৰী সকলে এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ বিদ্যুৎ কৰ্মীৰ
লিভ-ইন সম্পৰ্কৰ বাবে গাইডলাইন! এনে বিচাৰধাৰাক ঘৃণনীয় আখ্যা সৰ্বোচ্চ ন্যায়ালয়ৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in