New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/orang-poacher-caught.jpg)
- ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চোৰাং চিকাৰী গ্ৰেপ্তাৰ।
- উদ্যানখনৰ বনকৰ্মীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰীটো।
- গোপন সূত্ৰৰ পম খেদি ৰেঞ্জৰ বনৰক্ষী আৰু চন্দনপুৰ শিৱিৰৰ বনকৰ্মীয়ে যুটীয়াভাৱে চলাইছিল অভিযান।
- অভিযানত পিপলি চেং মাছসহ চোৰাং চিকাৰী এজনক আটক কৰে বনৰক্ষীয়ে।
- গ্ৰেপ্তাৰ হোৱা চিকাৰীটোৰ নাম দৰঙৰ ছাইদুল ইছলাম(৩২)।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/orang-fish-1024x768.jpg)
- আন্তৰাষ্ট্ৰীয় বজাৰত বহু মূল্য এই মাছবিধৰ।
- ধৃত চিকাৰীজনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ কথা জানিব পৰা গৈছে।
- অভিযানকালত আৰক্ষী তথা স্থানীয় ৰাইজে সহযোগ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
- চোৰাং চিকাৰীৰ ৰম্যভূমিলৈ পৰিণত হৈছে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান।