ঢকুৱাখনাত আম্বেদকাৰ কোচিং কেন্দ্ৰৰ শুভ উদ্বোধন ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত আম্বেদকাৰ কোচিং কেন্দ্ৰৰ শুভ উদ্বোধন ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা অনুসূচীত জাতি উন্নয়ন সমিতিৰ উদ্যোগত ঢকুৱাখনা নগৰৰ আম্বেদকাৰ ভৱন প্ৰাংগণৰ স্থায়ী গৃহত দেওবাৰে 'আম্বেদকাৰ কোচিং কেন্দ্ৰ'ৰ শুভ উদ্বোধন কৰা হয়। ঢকুৱাখনাৰ শিক্ষাবিদ ভাস্কৰ দাসে দেওবাৰে পুৱাবেলা উৰুলী মঙ্গল ধ্বনিৰ  মাজত কেন্দ্ৰটোৰ মুখ্য দ্বাৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে।

Advertisment

ঢকুৱাখনা অনুসূচীত জাতি পৰিষদৰ সভাপতি ললিত দাস, ঢকুৱাখনা পৌৰ সভাৰ পৌৰপতি ৰাজীৱ দাস, ব্ৰহ্মপুত্ৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক লুলু দাস, এন চি ডি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নীলমণি দাস, যুৱ নেতা হিৰণ্য দাস আদিৰ লগতে গৰিষ্ঠ সংখ্যক ৰাইজ, অভিভাৱক আৰু শিক্ষাৰ্থী উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী সভাত সমিতিৰ সম্পাদক ত্ৰিনয়ন ভঁৰালীয়ে আঁত ধৰি অনুসূচীত জাতিৰ আৰ্থিকভাৱে দুৰ্বল আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক সাধাৰণ বিজ্ঞান, ইংৰাজী আৰু সাধাৰণ গণিত বিষয়ৰ বিনামূলীয়া শিক্ষা দানৰ লক্ষ্যৰে এই কেন্দ্ৰটো শুভাৰম্ভ কৰা বুলি অৱগত কৰে ।

কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰি উদ্বোধক ভাস্কৰ দাসে অনুসূচীত জাতিৰ আৰ্থিক ভাৱে অনগ্ৰসৰ পৰিয়ালৰ শিক্ষাৰ্থী সকলৰ মাজত বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপ প্ৰশংসনীয় আৰু অনুকৰণীয় বুলি কয়। শিক্ষাৰ্থী সকলক নম্বৰৰ বাবে নহয় জানিবলৈ শিকিবলৈ পঢ়িব লাগিব বুলি অনুকীয়াই দাসে কেৱল শৈক্ষিক ভাবে নহয় পৰিশুদ্ধ আৰু আদর্শগত ভাবে এগৰাকী পৈণত ছাত্ৰ হিচাবে নিজকে গঢ় দি সততা আৰু সফলতাৰে আগুৱাই যাবলৈ আহ্বান জনায় । সভাত পৌৰপতি ৰাজীৱ দাস, অনুসূচীত জাতি পৰিষদৰ সভাপতি ললিত দাস, নীলমণি দাস আদিয়েও চমু আৰু পৰামৰ্শমূলক বক্তব্য ৰাখে ।

assam dhakuakhana