শ্বিলঙৰ বাটে-পথে জাৱৰ পেলালে হ’ব এই দশা, চাওঁক VIDEO

শ্বিলঙৰ বাটে-পথে জাৱৰ পেলালে হ’ব এই দশা, চাওঁক VIDEO

author-image
asomiyapratidin
New Update
শ্বিলঙৰ বাটে-পথে জাৱৰ পেলালে হ’ব এই দশা, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ চুবুৰীয়া শ্বিলঙত এতিয়া পৰ্যটকৰ ভিৰ। শ্বিলঙত ফুৰিবলৈ যোৱা কোনো লোকে যদি চহৰখনৰ বাট-পথত জাৱৰ-জোথৰ পেলাইছে তেনেহ'লে সাৱধান। অসমৰ পৰা যোৱা এজন লোকৰ কি দশা হ'ল তাৰ এক ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে।

এজন ভদ্ৰলোকে শ্বিলঙৰ পথৰ কাষলৈ দলিয়াই দিছিল এটা জাৱৰৰ টোপোলা। সেই স্থানত থকা কেইজনমান স্থানীয় লোকে ভদ্ৰলোকজনক ধৰি গাড়ীৰ পৰা নমাই দিলে। তাৰপাছত ভদ্ৰলোকজনে বাধ্যত পৰি পেলাই থোৱা জাৱৰৰ টোপোলা পুনৰ তুলি আনি গাড়ীত বহিলহি। লগতে সেই স্থানীয় লোকসকলক নিজৰ ভুলৰ কথা স্বীকাৰ কৰি ততাতৈয়াকৈ সেই স্থান এৰিলে ভদ্ৰ লোকগৰাকীয়ে। চাওঁক সেই দৃশ্য- কি দশা হ'ল ভদ্ৰলোকজনৰ।