
ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰীৰ কুম্ভিৰা নৈৰ দলঙৰ তলত সোমবাৰে এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ উদ্ধাৰ হোৱা মৃতদেহটো দক্ষিণ খয়ৰবাৰী গাঁওৰ নৱ দাস বুলি চিনাক্ত কৰা হৈছে৷
খেতি-বাতিৰ কাম কৰি জীৱন নিৰ্বাহ কৰা গাঁওখনৰ নৱ দাস নামৰ লোকজনে কালি দিনৰ ভাগত আন কেইজনমান লোকৰ সৈতে মিলি পথাৰত ধান কাটিছিল৷ গধূলি ঘৰলৈ উভতি নোযোৱা নৱ দাসে কুম্ভিৰা নৈৰ পকী দলঙৰ কাষতে থকা এখন দোকানত সন্ধিয়া চাহ-পানী খাইছিল আৰু তাতেই দুজনমানৰ সৈতে কোনো কথাক লৈ তৰ্ক-বিতৰ্ক হৈছিল নৱ দাসৰ৷
আজি পুৱাৰ ভাগত দোকানখনৰ গাতে লাগি থকা কুম্ভিৰা নৈৰ দলঙৰ পৰা কিছু আঁতৰত পানী যুঁৱলিত উদ্ধাৰ হয় নৱ দাসৰ মৃতদেহ৷ মৃতদেহটোৰ ডিঙিৰ পিছফালে আৰু সোঁভৰিত থকা চোকা অস্ত্ৰৰ আঘাতৰ চিন থকালৈ লক্ষ্য কৰি এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীয়ে।
ঘটনাস্থলীত আনন্দ বজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে, দেওবাৰে নিশা যিখন দোকানত নৱ দাসে লগৰীয়াৰ সৈতে চাহ-পানী খাইছিল সেই দোকানখনো আজি পুৱাৰ ভাগৰ পৰাই বন্ধ হৈ আছে৷ দোকানখনৰ গৰাকীক তদন্তৰ আওতালৈ আনিলে হত্যাকাণ্ডৰ ৰহস্য উদঘাটন হ'ব বুলি দাবী কৰিছে স্থানীয় লোকসকলে।