/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/one-minute-news-new.jpg)
১. হিমন্ত বিশ্ব শৰ্মাক 'দুৰ্নীতিৰ সদাগৰ' আখ্যা অসম গণ পৰিষদৰ মুখপাত্ৰ তুলাৰাম গগৈৰ। ধেমাজিৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে নেতাজনে।
২. গাড়ীৰ ঋণ দিয়াৰ নামত ৩২৮জন লোকক প্ৰৱঞ্চনা কৰি দিছপুৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক কুলদ্বীপ দাস। মুঠ ৪,২৫,৭৪০ টকা আত্মসাত্ কৰি দীৰ্ঘদিনে আত্মগোপন কৰি থকাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে।
৩. 'এতিয়া চাকৰিৰ বাবে মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কক খাতিৰ কৰিব নালাগে কোনো লোকে।'- নিজ চৰকাৰৰ দিনত প্ৰশাসন ব্যৱস্থা স্বচ্ছ হোৱা বুলি দাবী কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
৪. বৃহস্পতিবাৰে জ্ঞানপীঠ বঁটা বিজয়ী যশস্বী সাহিত্যিক প্ৰয়াত ড০ মামণি ৰয়ছম গোস্বামীৰ মৃত্যু বাৰ্ষিকী। ১৯৪২চনৰ ১৪ নবেম্বৰত জন্ম গ্ৰহণ কৰা ৰামায়ণী সাহিত্যৰ গৱেষক গৰাকীৰ দেহাৱসান ঘটিছিল ২০১১চনৰ ২৯ নবেম্বৰত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/mamoni-raisom-goswami.jpg)
৫. 'তিহাৰ জে'লত আছিল বিজেপিৰ সভাপতি অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা বহু ৰূপী। আলফাৰ নামত ধন দাবী কৰি জে'লৰ ভাত খাইছিল হিমন্ত বিশ্ব শৰ্মাই।'- বৃহস্পতিবাৰে এই মন্তব্য কৰে কংগ্ৰেছ মুখপাত্ৰ মুকুল শৰ্মাই।
৬. লংকাত দ্ৰুতবেগী মেজিকৰ খুন্দাত নিহত এটি শিশু। লংকাৰ নখুঁটি ঝানঞ্জু গাঁৱত সংঘটিত এই দুৰ্ঘটনাত নিহত শিশুটোৰ নাম ৰাজিবুল।
৭. ধলা কাণ্ডৰে জড়িত অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জিন্টু গগৈক জিম্মাত ল'লে 'নিয়া'ই। তিনিচুকীয়াৰ পৰা জেৰাৰ বাবে গুৱাহাটীলৈ জিন্টু আনিলে নিয়াই।
৮. বৃহস্পতিবাৰে ভূমিকম্পই জোকাৰি গ'ল জম্মু-কাশ্মীৰ। ৩.৭ প্ৰাবল্যৰ ভূমিকম্পটো অনুভূত হয় দিনৰ ৩.১২বজাত।
৯. উত্তৰপ্ৰদেশত কুকুৰে চলাইছে সন্ত্ৰাস। কুকুৰৰ আক্ৰমণত ৰাজ্যখনৰ ৰামপুৰত ২৫জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/DtJ8fi2UwAEO7wp.jpg)
১০. চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নুমলীগড়ত প্ৰতিবাদ। নুমলীগড়ৰ লেটেকোজান চাহ-বাগিচাত আটছাৰ উদ্যোগত প্ৰতিবাদ।
১১. কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে বৃহস্পতিবাৰে তেজপুৰত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটিলে এজন যুৱকে। মৃত যুৱকজন আমছুৰ সদস্য নাছিৰ আহমেদ।
১২. বৃহস্পতিবাৰে ছবিগৃহত মুক্তি পালে ২.০। ছাউথৰ ছুপাৰষ্টাৰ ৰজনীকান্ত আৰু খিলাড়ী অক্ষয় কুমাৰ অভিনীত এই ছবিখন চাবলৈ অগণন দৰ্শকে ভিৰ কৰেহি ছবিগৃহৰ সন্মুখত। প্ৰায় ৫০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই ছবিখনকলৈ আশাবীদ পৰিচালক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/2.0_Poster_DN_750.jpg)
১৩. কাজিৰঙাত দুষ্প্ৰাপ্য দল হৰিণৰ গণনা কৰি মুঠ ৯০৭টা দল হৰিণ থকাৰ তথ্য লাভ। ২৪টা খণ্ডত একে সময়তে চলোৱা গণনাৰ তথ্য প্ৰকাশ কাজিৰঙাৰ সঞ্চালক আকাশদ্বীপ বৰুৱাই।
১৪. মিৰ্জাত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ৩খনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত। এই দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে আহত ৩জন লোক।
১৫. নাৰ্ছৰ প্ৰতিবাদৰ সময়ত চিকিৎসাৰ অভাৱত যাতে শিশু আৰু প্ৰসূতিয়ে মৃত্যুক সাৱটিব লগা নহয় তাৰ বাবে চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ছাত্র নেতা লুৰিণজ্যোতি গগৈৰ। বৃহস্পতিবাৰে তেওঁ মন্তব্য কৰে- 'সাধাৰণ ৰাইজ পণবন্দী হোৱাত চৰকাৰেই দায়ী।'
১৬. দক্ষিণ আফ্ৰিকাৰ ডাৰৱানত অনুষ্ঠিত কমনৱেলথ গেমছৰ কাৰাটে চেম্পিয়নশ্বীপত মৰিয়ণীৰ পঞ্চিমিতা বৰদলৈৰ সোণৰ পদক অৰ্জন। মৰিয়ণীৰ ছেইন্ট এন্টনীজ হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি লাভ কৰে এই সন্মান।
১৭. আই চি চি ৰেংকিঙৰ ৯৩৫ ৰেটিং পইণ্টেৰে টেষ্ট ক্ৰিকেটৰ শীৰ্ষত বিৰাট কোহলী। বলিঙৰ তালিকাৰ শীৰ্ষ দখল দক্ষিণ আফ্ৰিকাৰ কাগিছ' ৰাৱাডাৰ।
১৮. 'পঞ্চায়ত নিৰ্বাচনৰ নীতি নিৰ্দেশনাৰ বাবেই নাৰ্ছসকলৰ প্ৰতিবাদৰ বিষয়ত জড়িত হ'ব পৰা নাই মই।'- নাৰ্ছসকলৰ প্ৰতিবাদৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত এই উত্তৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
১৯. আজি কৰ্ণাটকত সদ্য প্ৰয়াত কংগ্ৰেছ নেতা চি কে জেফাৰ শ্বৰিফৰ বাসগৃহত উপস্থিত হয় বিত্ত মন্ত্ৰী অৰুণ জেটলী। উল্লেখ্য যে, চলিত বৰ্ষৰ ২৫ নবেম্বৰত মৃত্যু হৈছিল কংগ্ৰেছ নেতাগৰাকীৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/DtK6iJ0U4AI7XN7.jpg)
২০. বৃহস্পতিবাৰে কামৰূপ জিলাৰ চমৰীয়া সত্ৰ দৰ্শনৰ লগতে পলাশবাৰীৰ ৰাম মহোৎসৱত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মত বিনিময়ত ভাগ লয় বহু লোকে।
২১. মুম্বাইৰ ফিল্ম চিটীত বিধ্বংসী অগ্নিকাণ্ড। ঘটনাস্থলীত উপস্থিত হৈ চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।
২২. লিডুৰ ইটাখুলাত বুধবাৰৰ পৰা সন্ধানহীন দুই ছাত্ৰ। সন্ধানহীন দুই ছাত্রৰ শিৱা নামৰ ছাত্ৰজন নৱম শ্ৰেণীৰ হোৱাৰ লগতে ৰাহুল সপ্তম শ্ৰেণীৰ। পৰিয়ালৰ লোকৰ আৰক্ষী থানাত এজাহাৰ দাখিল।
২৩. ডাৰৱানৰ কমনৱেলথ কাৰাটেত ভাৰতীয় দলৰ হৈ ব্ৰঞ্জৰ পদক লাভ অসমৰ প্ৰতিভাৱান আন্তঃৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ হেমফু বংজাং। দক্ষিণ আফ্ৰিকাত পুৰুষৰ কাটা শাখাত হেমফুৱে অৰ্জন কৰে এই সফলতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/b3ccf161-2bbe-4cbe-a4de-244a0208a6ad.jpg)
২৪. ২৯ নবেম্বৰৰ পৰা বঙ্গ সাহিত্য সন্মিলনীৰ উদ্যোগত কৰিমগঞ্জত আৰম্ভ বৰাক গ্ৰন্থমেলা। গ্ৰন্থমেলাত প্ৰথম দিনাখন ভিৰ কৰে অসংখ্য গ্ৰন্থপ্ৰেমীয়ে।
২৫. আৰু, ইজৰাইলৰ তেল এভিভত মৃত্যু ওদালগুৰিৰ মেৰাবিলৰ এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকী নেহা শৰ্মা বুলি চিনাক্ত কৰা হৈছে।